নৱবৰ্ষত অসমীয়া চিনেমালৈ আহিল সুখবৰ

b131eeda 93b3 42cf a69b 4312e812f8ea

মুম্বাইত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত উজলিল “লাইফ ইন্‌ এ পাপেট”

‌অসমৰ বিলুপ্তপ্ৰায় লোকসংস্কৃতি পুতলা নাচক পুনৰ উজ্জীৱিত কৰাৰ প্ৰয়াসেৰে পৰিচালক ৰাজেন দাসে নিৰ্মাণ কৰা অসমীয়া চলচ্চিত্ৰ “লাইফ ইন্ এ পাপেট” এইবাৰ উজলি উঠিছে মুম্বাইত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোুৎসৱত ৷ অসমবাসীক গৌৰৱান্বিত কৰি চলচ্চিত্ৰখনে অসমৰ চিনেমা জগতলৈ কঢ়িয়াই আনিছে আন এক শুভবাৰ্ত্তা ৷ মুম্বাইত সামৰণি পৰা ২০২০ বৰ্ষৰ ই্ণ্ডো-গ্লোৱেল আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত “লাইফ ইন্ এ পাপেট”ৰ পৰিচালক ৰাজেন দাসলৈ আগবঢ়োৱা হৈছে “বৰ্ষশ্ৰেষ্ঠ পৰিচালক”ৰ বঁটা ৷

এইবাৰৰ মুম্বাই ইণ্ডো-গ্লোৱেল আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱে ২০২০ বৰ্ষৰ বাবে বিশ্বৰ বিভিন্ন দেশৰ পাঁচগৰাকী চলচ্চিত্ৰ পৰিচালকক “বৰ্ষশ্ৰেষ্ঠ পৰিচালক”ৰ সন্মান প্ৰদান কৰিছে৷ সেই অনুসৰি ‘মনচানমহা’ ছবিৰ বাবে ভাৰতীয় পৰিচালক দীপক ৰেড্ডী, আমেৰিকান ‘হ’মলেচ ছেম এণ্ড ছেলী’ চলচ্চিত্ৰৰ বাবে ইভানচ্ ক্লাৰ্ক, আৰ্জেণ্টিনাৰ বিখ্যাত মালেভো ফিল্মচৰ বেনাৰত নিৰ্মিত তথা আমেৰিকাত মুক্তিপ্ৰাপ্ত চিনেমা ‘এলাৰ্ট ইগ’ৰ পৰিচালক এজিও মাছা, পতুৰ্গীজ চিনেমা ‘লষ্ট ৰেকৰ্ডছ’ৰ পৰিচালক টিয়াগো পি. ডে আৰু ভাৰতীয় তথা অসমৰ চলচ্চিত্ৰ লাইফ ইন্ এ পাপেট’ৰ পৰিচালক ৰাজেন দাসলৈ আগবঢ়োৱা হৈছে ২০২০ বৰ্ষৰ “বৰ্ষশ্ৰেষ্ঠ পৰিচালক”ৰ বঁটা ৷

আনহাতে বৰ্ষটোৰ শ্ৰেষ্ঠ চিনেমা বঁটা লাভ কৰিছে আমেৰিকান পৰিচালক টেড হায়েনচৰ ছবি ‘টিকচ’এ ৷ আজি ই্ণ্ডো-গ্লোৱেল আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱে নিজৰ অফিচিয়েল ৱেৱচাইটত এই বিজয়ী সকলৰ তালিকা প্ৰকাশ কৰে ৷ উল্লেখ্য যে এই চলচ্চিত্ৰ মহোৎসৱত বিশ্বৰ বিভিন্ন দেশৰ প্ৰায় 200খন ছবিয়ে বিভিন্ন শিতানত অংশগ্ৰহণ কৰিছিল ৷

মুম্বাই ইণ্ডো-গ্লোৱেল ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত ২০২০ বৰ্মনোনয়ন লাভ কৰা প্ৰায় ২০০ খন দেশী-বিদেশী পূৰ্ণদৈৰ্ঘ্যৰ কাহিনী চলচ্চিত্ৰ, তথ্যচিত্ৰ, চুটি চলচিত্ৰৰ মাজৰ পৰা এই বৰ্ষশ্ৰেষ্ঠ পৰিচালক, বৰ্ষশ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা বাচনি কৰা হৈছে৷ “লাইফ ইন্‌ এ পাপেট” চলচ্চিত্ৰখনৰ লগতে পৰিচালক ৰাজেন দাসলৈ অহা এই সুখবৰে উৎফুল্লিত কৰি তুলিছে ৰাজেন দাসৰ ওপজা গাওঁ ভালুকীৰ লগতে সমগ্ৰ বজালী অঞ্চলক ৷

উল্লেখ্য যে আশা বৰদলৈ, দিপান্বিতা দাস, পুতলা নাচৰ শিল্পী নাৰায়ন ডেকা, হিমাদ্ৰী শৰ্মাৰ বাহিৰে চলচ্চিত্ৰখনত অভিনয় কৰিছে প্ৰকাশ ঠাকুৰীয়া, ৰিমঝিম শৰ্মা, প্ৰিয়ংকা শৰ্মা, পাহি কলিতা, সোণেশ্বৰ কলিতা, অঞ্জন শৰ্মা আদিকে ধৰি ভালুকীৰ কোনোদিনে কেমেৰাৰ সন্মুখত আহি নোপোৱা বহুসংখ্যক অখ্যাত শিল্পীয়ে৷ পুতলা নাচক উজ্জীৱিত কৰি নতুন প্ৰজন্মৰ মাজত পৰিচয় কৰি দিয়াৰ প্ৰয়াসেৰে আৰু পুতলা নাচৰ শিল্পীয়ে সন্মুখীন হোৱা জীৱন সংগ্ৰামৰ মৰ্মস্পৰ্শী কাহিনীৰে ৰাজেন দাসে ৰচনা আৰু পৰিচালনা কৰা অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ “লাইফ ইন্‌ এ পাপেট”ৰ এই সাফল্য নতুন বছৰত অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে এক অন্যতম ইতিবাচক খবৰ হিচাপে চিহ্নিত হৈছে৷

এই সন্দৰ্ভত পৰিচালক ৰাজেন দাসে কয়, ‘আমি অতি কষ্টকৰ পৰ্যায় অতিক্ৰম কৰি অসমৰ বিলুপ্তপ্ৰায় লোকশিল্প পুতলা নাচক এক বিশ্বজনীন প্ৰচাৰ দিয়াৰ বাবে আপ্ৰাণ চেষ্টা কৰিছো৷ অসমৰ পুতলা নাচৰ নিঃস্ব শিল্পীসকলক ৰাইজৰ মৰম আৰু সঁহাৰিয়ে নিশ্চয় আনন্দিত কৰিব৷ অশেষ কষ্ট কৰি তেওঁলোকে অসমৰ এই দুৰ্লভ লোক কলাক জীয়াই ৰাখিছে৷ পুতলা নাচ পুনৰ অসমৰ ৰাইজৰ বুকুৰ মাজত সোমাই পৰক৷ সেয়াই মোৰ আশা৷ সেয়াই মোৰ প্ৰচেষ্টা ৷ মই এই সন্মান অসমৰ পুতলা নাচৰ শিল্পীৰ হাতত অৰ্পণ কৰিছো৷’

উল্লেখ্য যে অসমীয়া চলচ্চিত্ৰ “লাইফ ইন এ পাপেট”এ ইতিমধ্যেই বহুকেইটা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সাফল্য অৰ্জন কৰিছে ৷ অসমৰ থলুৱা লোকসংগীতেৰে চলচ্চিত্ৰখন সুন্দৰভাৱে সংগীতেৰে সজাইছে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত শিল্পী তৰালী শৰ্মাই৷ সহঃপ্ৰযোজনা মিনাক্ষী দাসৰ আৰু প্ৰডাকচন ডিজাইন মৃনাল শৰ্মা, পৰশমণি শৰ্মাৰ৷ ইতিমধ্যেই যোৱা ২৯ ডিচেম্বৰত কেন্দ্ৰীয় ফিল্ম চাৰ্টিফিকেট ব’ৰ্ডে “লাইফ ইন এ পাপেট”ক চেন্সৰ চাৰ্টিফিকেট প্ৰদান কৰিছে৷

Exit mobile version