থলুৱা বজাৰ আৰু পথাৰ দখল কৰাৰ লক্ষ্য জুবিনৰ

6f62fa9d a946 40cc 9932 2305c60e0ffa

গুৱাহাটীৰ ৰুক্মিণীগাঁৱত এক জানুৱাৰীৰ পৰা আৰম্ভ কৰা হ’ল বৃন্দাবন ছুপাৰমাৰ্ট । মাৰ্টখনত মাছ, মাংস, গাখীৰ, ক্ৰীম, গেলা-মাল সামগ্ৰী আদি সকলোধৰণৰ ঘৰুৱা নিত্য ব্যৱহৃত সামগ্ৰী উপলব্ধ হ’ব । মাৰ্টখন আৰম্ভ কৰাৰ প্ৰথম দিনাই এক লাখ মূল্যৰ শাক-পাচলি বিক্ৰী হয় ।

 

মাৰ্টখনৰ উদ্যোক্তাই কয়, ‘তলাবন্ধৰ সময়ত আমি কেইগৰাকীমান শিল্পীয়ে অসমত পোৱা শাক-পাচলিসমূহ ৰাইজক কম দামত দিয়াৰ প্ৰতিশ্ৰুতি দিছিলো । সেয়েহে এই কেঁচা সামগ্ৰীসমূহ আমি প্ৰত্যক্ষভাৱে কৃষকসকলৰ পৰা লৈ আহিছো ।’

লগতে তেওঁ কয় যে, শাক-পাচলিসমূহ সম্পূৰ্ণ পচন সাৰেৰে উৎপাদিত । সকলো ৰাইজকে আমি আহ্বান জনাইছো আপোনালোক আমাক আৰু কৃষকসকলক সহায় কৰক ।

অনুষ্ঠানটোৰ স’তে জড়িত হৈ আছে জুবিন গাৰ্গ, গৰিমা শইকীয়া গাৰ্গ, জয়ন্ত কাকতিসহ বহুকেইগৰাকী শিল্পী । উদ্যোক্তাগৰাকীয়ে জনোৱা অনুসৰি প্ৰথম দিনাই ৰাইজে যথেষ্ট সঁহাৰি আগবঢ়াইছে ।

Exit mobile version