দিল্লীত পুনৰ সংঘটিত হ’ল জঘন্য কাণ্ড

rape girl radiant awadh

পুনৰ জঘন্য কাণ্ড সংঘটিত হ’ল দিল্লীত । দিল্লীৰ ৰাজপথত থকা মাতৃ আৰু কন্যা দুয়োকে ধৰ্ষণ কৰে দুই সুৰামত্তই । ঘটনাটো সংঘটিত হৈ থকাৰ সময়ত কোনেও সহায় কৰিবলৈ আগনবাঢ়ি নাহে । বৰঞ্চ এজন লোকে ঘটনাটো ভিডিঅ’ কৰি  ছ’চিয়েল মিডিয়াত প’ষ্ট কৰে । দেওবাৰে ছ’চিয়েল মিডিয়াত প্ৰকাশিত সেই ভিডিঅ’ৰ ভিত্তিতে দুই সন্দেহজনক লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।

ADVERTISEMENT

সন্দেহযুক্ত লোক দুজনৰ নাম চনু আৰু অমিত । দুয়োজনেই অঞ্চলটোৰ স্থানীয় বাসিন্দা । ছ’চিয়েল মিডিয়াত ভিডিঅ’ কৰি ভাইৰেল কৰা লোকজনকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । আৰক্ষীয়ে দিয়া তথ্য অনুসৰি, ২৯ ডিচেম্বৰৰ  নিশা এই ঘটনা সংঘটিত হয়।ভিডিঅ’ প্ৰকাশ হোৱাৰ পাছতে দেওবাৰে আৰক্ষীয়ে চিচি টিভি ফুটেজৰ সহায়ত বাছ ষ্টপ, মেট্ৰ’ ষ্টেচনসহ বিভিন্ন ঝুপুৰিত দুয়োগৰাকী ভুক্তভোগী মহিলাৰ দিনজোৰা সন্ধান চলাই ।

কিছু ঘণ্টাৰ পাছতে দুই নিৰ্যাতিতাৰ সন্ধান পাই আৰক্ষীয়ে । তদন্তত দুই নিৰ্যাতিতাই আৰক্ষীক জনাই যে ২৯ ডিচেম্বৰৰ নিশা তেওঁলোকক ধৰ্ষণ কৰে । নিৰ্যাতিতা মাতৃৰ বয়স ৩৫ বছৰ আৰু কন্যাৰ বয়স ১৮ বছৰ ।  কন্যাগৰাকী বিশেষভাৱে সক্ষম । তলাবন্ধৰ সময়ত স্ত্ৰী আৰু সন্তানক এৰি গাঁৱলৈ গুছি যায় মহিলাৰ স্বামী । সেয়েহে তেওঁলোকে পথতে থাকিবলৈ লয় ।

Exit mobile version