অসম অৰুণাচল প্রদেশৰ তিনিখন খন গাঁৱৰ ঐতিহাসিক সিদ্ধান্ত: সীমান্তৰ বিবদমান ডিমৌৰ সুবিশাল নৈসর্গিক সীমান্ত পর্যটক স্থলী আৰু গাওঁ লৈ পৰিণত কৰিব 

06f30a310d6d578428dd8dd8d029cde4

সীমান্তৰ ভূমিক লৈ আন্ত ৰাজ্যিক বিবাদে সীমান্তত সংঘাতৰ সৃষ্টি কৰাৰ সময়তে সীমান্তৰ বিবদমান ভূমিক লৈ ঐতিহাসিক সিদ্ধান্ত গ্রহণ কৰি সমন্বয়ৰ বার্তা কঢ়িয়াই আনিছে অসম অৰুণাচল প্রদেশৰ তিনিখন গাঁৱৰ ৰাইজে। ২০০৭ চনত গুলীয়া গুলী আৰু তাৰ পিছত ২০১২-১৩ চনত উচ্চ ন্যায়লয়ত ধেমাজি জিলা প্রশাসনৰ বিৰুদ্ধে গােচৰ ৰুজো কৰি সাত সংবাদ শিৰােনামা দখল কৰা অশান্ত কৰ ডিমৌ নদীৰ পাৰত এতিয়া শান্তি সমন্বয়ৰ মাজেদি অসম অৰুণাচল প্রদেশৰ ৰাইজে মিলি গঢ় দিছে পৰ্যটক উদ্যোগ।

ধেমাজি জিলাৰ চিলাপথাৰৰ ডিমৌৰ অসম অৰুণাচল সীমান্তবর্তী বিবদমান অঞ্চলৰ সুবিশাল মাটিত কেন্দ্রীয় চৰকাৰৰ কেইবাটাও আঁচনিৰ নির্মাণ কার্য চলি থকাৰ মাজতে এক ভয়ংকৰ সাম্প্রদায়িক পৰিৱেশৰ সৃষ্টি হৈছিল। তিনি হেজাৰ বিঘাৰ পাহাৰীয়া নৈসর্গীক মাটিক লৈ ২৫ বছৰ ধৰি কাজিয়া মাৰপিট আৰু কেইবাটাও গােচৰ চলি থকাৰ মাজতে অৰুণাচলৰ কুন্তৰ পালে আৰু ডিমৌৰ অসমীয়া ৰাইজ মিলি পর্যটক স্থলী লৈ ৰূপান্তৰিত কৰিলে। তিনি খন গাঁৱৰ ৰাইজে মিলি ২০২১ চনৰ ভিতৰত
পার্ক নির্মানৰ চিন্তা ধাৰণা কৰিছে।

কাম হাতত লৈছে। পহিলা জানুৱৰীৰ নিশা ন বজালৈকে বন ভােজ খাবলৈ অহা ৰাইজে ভিৰ কৰে। আজি পুৱাৰ ভাগত বিভিন্ন প্ৰান্তৰৰ পৰা বন ভােজৰ দলে উৎসৱ মুখ পৰিৱেশৰ সৃষ্টি কৰে। ডিমৌ নদীৰ সৌন্দৰ্য্য উপভােগ কৰিব লৈ অহা প্রতি খন যান বাহন সমূহ নির্দিষ্ট স্থানলৈ যাব দিয়াৰ লগতে কি অসুবিধা হলে তাৰ সহায়ৰ কাৰণে মানুহক নিয়ােগ কৰিছে। প্রতি দিনে পুৱাৰ ভাগত চাফ চিকুন কৰি পৰিৱেশটো নিয়ন্ত্রণ কৰি ৰাখিছে।

সেউজীয়া পাহাৰৰ দাঁতিত বৈ অহা ডিমৌ নদীৰ পাৰত উখল মাখল পৰিৱেশৰ মাজত শ শ বনভােজৰ দলে আনন্দ উপভােগ কৰিছে।। অৰুণাচল প্রদেশৰ মাৰ্বম ৰিমাম ক সভাপতি আৰু অসমৰ পৰা দ্বিপেন টাইড ক সম্পাদক হিচাপে লৈ সমিতি খন গঠন কৰা হয়। পৰ্যটক স্থলীৰ পৰা আৰম্ভ কৰি সমন্বয়ৰ এখন গাঁও স্থাপনৰ প্রস্তুতি আৰম্ভ কৰিছে। ২০২০ চনৰ সকলাে পাহৰি ভাতৃত্বৰ এনাজৰীৰে আত্ম নিৰ্ভৰশীল হােৱাৰ সপােন লৈ যাত্ৰা কৰা তিনিখন গাঁৱবাসী লৈ সফল হওঁক।

Exit mobile version