কেৱল শিৰোনাম দখলৰ বাবে হিউমপাইপ ক সুৰংগ বুলি প্ৰচাৰ চলাইছিল এচাম সংবাদমাধ্যমে 

bd7b5509 2d50 4ca6 9831 3b2cc7a7739c

কেৱল শিৰোনাম দখলৰ বাবে হিউমপাইপ ক সুৰংগ বুলি প্ৰচাৰ চলাইছিল এচাম সংবাদমাধ্যমে

সীমান্তৰ বালিয়া এলেকাট ভাৰতৰ সীমান্তৰ সৰ্বত্ৰে দিয়া আছে কাইটিয়া তাৰৰ বেড় । বেৰৰ কাষতে আছে সীমা সুৰক্ষা বাহিনীৰ পথ । ইয়াৰ কাষতে টিলা ভূমি ।বাৰিষাৰ সময়ত পানি নমাৰ বাবে পথত কেইবাটাও ঠাইত আছে কালভাৰ্ট । অভিযোগ অনুসৰি দলগ্ৰাম এলেকাৰ যুৱকক সেই কালভাৰ্টেৰে অপহৰন কৰি বাংলাদেশত লৈ যোৱা হৈছিল ।

বৰ্তমানে অপহৃত বাংলাদেশৰ পৰা ভাৰতত উভতি আহিছে । কালভাৰ্টৰ ভিতৰে দি অপহৃতক লৈ যোৱাৰ ঘটনা টো অধিক চাঞ্চল্যকৰ বনোৱাৰ বাবে কালভাৰ্টকে সুৰংগ বুলি প্ৰচাৰ চলোৱা হয় । পানী যোৱাৰ কালভাৰ্ট টো কেনেকৈ সুৰংগ বা টানেল বনাই দিয়া হল । ফলতে সাধাৰন বিষয়টো এটা সময়ত চাঞ্চল্যকৰ হৈ পৰে আৰু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত স্থান দখল কৰে ।

আৰক্ষীৰ DIG দিলীপ দে কয় ,”এয়া আচলতে সুৰংগ নহয় পানী যোৱাৰ বাবে হিউমপাইপ দি কালভাৰ্ট বনোৱা হৈছে । সেই সৰু কাংভাৰ্ট দি চুৰাংকৈ গৰুৰ সৰবৰাহ সম্ভব নহয় । আৰু কাইটিয়া তাৰৰ বেৰৰ বাহিৰৰ দুশ মিতাৰ এলেকা ভাৰতৰ ভূখণ্ড আছে । ফলতে কালভাৰ্ট বাংলাদেশত যোৱাৰ প্ৰশ্নই নুঠে ।”

কালভাৰ্টত তাৰ লগোৱা আছে বুলিও DIG এ দাবি কৰে ।কালভাৰ্ট সন্ধৰ্ভত কৰিমগঞ্জৰ DCৰ মন্তব্য , “এয়া ৰাষ্ট্ৰৰ বাবে ভাবুকি হব পাৰে । কিন্তু ইমান সৰু এটা কালভাৰ্ট ভাবুকি হ’ব নোৱাৰে । সীমান্তত থকা কালভাৰ্টত তাৰ লগোৱা আছে । তথাপি কোনোবা কালভাৰ্টত যদি বেড় নাই সেইয়া লগোৱাৰ ব্যৱস্থা হব ।

Exit mobile version