হৃদৰোগত আক্ৰান্ত মডেল সৌৰভ ,তেলৰ বিজ্ঞানৰ প্ৰত্যাহাৰ কৰিলে ফৰচনে

48108 saurab

প্রাক্তন ক্রিকেট খেলুৱৈ সৌৰভ গাংগুলী হৃদৰােগত আক্রান্ত হােৱাৰ পাছত ছ’চিয়েল মিডিয়াত বিভিন্নজনে ভিন্ন প্রতিক্রিয়া প্রকাশ কৰিছে। সৌৰভৰ এই স্বাস্থ্যজনিত সমস্যাৰ স’তে সাঙোৰ খালে ফৰচুন’ ব্ৰেণ্ডৰ তেলৰ বিজ্ঞাপন। আদানী উইলমাৰ গােষ্ঠীয়ে তৈয়াৰ কৰা ফৰচুন’ ব্ৰেণ্ডৰ তেলৰ বিজ্ঞাপন সৌৰভে মডেল হিচাপে অংশ লৈছিল।

যােৱা বছৰৰ জানুৱাৰীতে সৌৰভক ফৰচুন’ ৰাইচ ব্রান অইলৰ ব্ৰেণ্ড এছাদৰ হিচাপে কোম্পানীটোৱে ঘােষণা কৰিছিল। সৌৰভে ফৰচুন’ তেলৰ বিজ্ঞাপনত অংশ লৈ দাবী কৰি কৈছিল যে এই তেল ব্যৱহাৰ কৰিলে মানুহৰ হৃদপিণ্ড সুস্বাস্থ্যৱান হৈ থাকিব। সৌৰভৰ এই বিজ্ঞাপনত ভােল গৈ বহু লােকে ‘ফৰচুন’ তেল ব্যৱহাৰ কৰি আহিছে।

কিন্তু যােৱা শনিবাৰে সৌৰভ হৃদৰােগত আক্ৰান্ত হৈ চিকিৎসালয়ত ভর্তি হৈছিল। চিকিৎসকে প্রাক্তন ক্রিকেট খেলুৱৈজনৰ হৃদপিণ্ডত একাধিক ব্লক’ ধৰা পেলাইছিল। সৌৰভ হৃদৰােগত আক্রান্ত হােৱাৰ পাছত স্বাভাৱিকতে সমালােচনাৰ সন্মুখীন হ’ল সৌৰভে অংশ লােৱা ‘ফচুন’ ব্ৰেণ্ডৰ তেলৰ বিজ্ঞাপন।

একাংশ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ফৰচুন’ৰ বিজ্ঞাপনক কটাক্ষ কৰি কয় যে স্বয়ং বিজ্ঞাপন প্রচাৰ কৰা সৌৰভ যদি এই তেল খাই চিকিৎসাধীন হ’ব লগা হয়, তেন্তে আন লােকৰ কি পৰিণতি হ’ব পাৰে। একাংশ লােকে সৌৰভক সদায় ৰীক্ষিত পণ্যৰ বিজ্ঞাপনত অংশ ল’বলৈ পৰামর্শ দিয়ে। ছ’চিয়েল মিডিয়াত সৃষ্টি হােৱা এনে বিতর্ক আৰু কটাক্ষৰ পৰিণতিত ফৰচুন’-এ এই বিজ্ঞাপন প্রত্যাহাৰ কৰিবলৈ বাধ্য হ’ল।

Exit mobile version