২৫তম কেৰেলা আন্তর্জাতিক চলচ্চিত্র মহাৎসৱলৈ ‘বেলকনিত ভগৱান’

International Film Festival of Kerala Logo

নতুন বছৰৰ আৰম্ভনিতে অসমবাসী তথা চলচ্চিত্ৰপ্ৰেমীৰ বাবে সুখবৰ এই যে ২০২০ ৰ দেশে বিদেশে বহুল ভাবে চর্চিত বিশ্বজিত বৰাৰ । বেলকনিত ভগৱান’ নামৰ অসমীয়া কথাছবিখন দেশৰ অন্যতম সর্ববৃহত ২৫তম কেৰেলা আন্তর্জাতিক চলচ্চিত্ৰ মহােৎসৱলৈ ‘indian cinema now’ ৰ প্ৰতিযােগিতা শাখাৰ বাবে আমন্ত্রিত হৈছে। এই প্রতিযােগিতাত ‘বেলকনি ভগৱানে অংশ লব এই বছৰৰ আটাইতকৈ চলচ্চিত্ৰ কথাছবি ক্রমে Chaitanya Tamhane The Disciple of cofBiGT), Ivan Ayr 2 Milestone / Meel Patthar (ভেনিছ ফেষ্টিভেল) , Arun Karthick ৰ Nasir ( ৰটার্ডম ফেষ্টিভেল) , Prithvi Konanur ब Where is Pinki? / Pinki E111 ? (বুদান ফেষ্টিভেল) ,Pushpendra singh ৰ Lai 1a Aur satt Geet ( বার্লিন (ফষ্টিভেল) ৰ লগত। মাথোঁ সাত খন কথাছবিৰ লগত এই বিশেষ প্রতিযােগিতাত অংশ লবলগীয়া ২৫তম কেৰেলা আন্তর্জাতিক চলচ্চিত্র মহােৎসৱ অহা ১০ ফেব্ৰুৱাৰিৰ পৰা আৰম্ভ হৈ পাঁচ মার্চ লৈকে প্রায় ২৪ দিনিয়া এক বৃহৎ কাৰ্য্যসুচীৰে হ’ব।

দেশ বিদেশৰ প্রায় ২০০খন কথাছবিৰাে অধিক প্রদর্শন হ’বলগীয়া এই মহােৎসৱৰ ২৪ দিনীয়া কাৰ্য্যসুচীত ‘বেলকনিৰ ভগৱান’ প্রদর্শিত হব ৪ বাৰকৈ, Trivandrum, Kochi, Thalassery and Palakkad নামৰ মহানগৰ সমুহত ‘বেলকনিৰ ভগৱান প্রদর্শন হব । পােন প্ৰথম বাৰৰ বাবে এই কাৰ্য্যসুচী গ্রহন কৰিছে ‘২৫তম কেৰেলা আন্তর্জাতিক চলচ্চিত্র মহােৎসৱলৈ খনিয়ে। বহুতাে দেশে বিদেশৰ কথাছবিয়ে অংশগ্রহন কৰা এই ‘চলচিত্র মহােৎসবত’ বাচনি হােৱাতাে যথেষ্ট প্রতিযােগিতা মুলক, কিন্তু বিনা পল’ৰ (Artistic Director, IFFK) তত্ত্বাবধানত বাচনি হােৱা বিখ্যাত অন্য দুৰি বােৰৰ মাজত ‘বেলকনিত ভগৱানে স্থান পােৱাৰ বাবে নির্মাতা মহলে অতিকৈ সুখ প্ৰকাশ কৰিছে।

মাইনা প্ৰডাকচনৰ বেনাৰত নির্মিত এই চলচ্চিত্র খনৰ প্রযােজনা কৰিছে “জেতুকা পাতৰ দৰে” কথাছবিৰ দ্বাৰা ৰাষ্ট্ৰীয় বঁটাপ্রাপ্ত ছবিৰ প্ৰযােজক নুৰুল চুলতানে আৰু পৰিচালনা কৰিছে বিশ্বজিৎ বৰাই। ভাৰতৰ অন্যতম উল্লেখযােগ্য আৰু বৃহত্তম চলচিত্র মহােৎসৱ’২৬ তম কলকতা আন্তর্জাতিক চলচ্চিত্র মহােৎসৱ ৰ ‘NATIONAL COMPETITION ON INDIAN LANGUAGE’, ‘১৯তম ঢাকা আন্তর্জাতিক চলচ্চিত্র মহােৎসৱ ২০২১, আৰু উৰণ্টৰ ( কানাডা) ৰ ‘অল্টার্নেতিভ ফিল্ম ফেষ্টিভেল ২০২০’ ত ‘শ্রেষ্ট অভিনেতা (হৰিছ খান্না), শ্রেষ্ট ড্রামা কথাছবি’ আৰু ‘শ্রেষ্ট কাহিনি আৰু চিত্রনাট্য (বিশ্বজিত বৰা) শাখাৰ বাবে মনােনয়ন আৰু নির্বাচিত হৈ চর্চা লৈ অহা ‘বেলকনিত ভগৱান’ৰ এই খবৰে স্বাভাৱিকতে সকলােলৈকে কঢ়িয়াই আনিছে আনন্দৰ বতৰা।

Exit mobile version