অৱশেষত বিজেপিত ‘কা’ বিৰোধী নেতা অৰুণজ্যোতি মৰাণ

MORANN

দীৰ্ঘদিনৰ পৰা চলি অহা চৰ্চাৰ মোখনি মাৰি এসময়ৰ ‘জাতীয় শত্ৰু’ ভাৰতীয় জনতা পাৰ্টি (বিজেপি)ত কালি সমৰ্থকসহ যোগদান কৰে সদৌ মৰাণ ছাত্ৰ সন্থাৰ সদ্য বিদায়ী সভাপতি অৰুণজ্যোতি মৰাণে । তেওঁৰ লগতে প্ৰদেশ কংগ্ৰেছৰ বিভিন্ন স্তৰৰ কে’বাজনো নেতা-নেত্ৰীয়েও কালি শাসক দলটোত যোগদান কৰে । এই উপলক্ষে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত আয়োজিত এক অনুষ্ঠানত নৱাগতসকলক দললৈ আদৰণি জনাই ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে ।

দাসে কয় যে, বিজেপিৰ বিৰুদ্ধে বিৰোধী দলসমূহে যি অপপ্ৰচাৰ চলাই আহিছে সেই কথা ৰাইজে বুজি উঠিছে ‌। ৰাজ্যৰ জাতি-জনগোষ্ঠীসমূহৰ উন্নয়ন তথা বিকাশ কেৱল বিজেপিৰ দ্বাৰাহে সম্ভৱ বোলা কথাষাৰো ইতিমধ্যে বাস্তৱত প্ৰতিপন্ন হৈছে । সেইবাবে বিৰোধীৰ অপপ্ৰচাৰৰ মাজতো জাতি-জনগোষ্ঠীৰ লোকসকলে বিজেপিৰ শক্তি বৃদ্ধিত অৰিহণা যোগাইছে ।

অৰুণজ্যোতি মৰাণৰ দৰে নেতাৰ আগমনেই তাৰ প্ৰমাণ বুলি মন্তব্য কৰি দাসে কয়, ‘মৰাণ জনগোষ্ঠীৰ যুৱ নেতাজনৰ যোগদানে জনগোষ্ঠীটোৰ স’তে বিজেপিৰ একাত্মবোধ আৰু অধিক সুদৃঢ় কৰিব । জাতি-জনগোষ্ঠীৰ স্বাৰ্থ ৰক্ষাৰ হকে বিজেপিয়ে যি পদক্ষেপ গ্ৰহণ কৰিছে সিয়েই সেইসকল ৰাইজৰ স’তে দলটোৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰি তুলিছে ।’

আনহাতে, বিজেপিত যোগ দি বিজেপিৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে মৰাণ । তেঁৱো বিজেপিৰ দ্বাৰা অসমৰ জাতি-জনগোষ্ঠীসমূহৰ উন্নয়ন সম্ভৱ বুলি মন্তব্য কৰে । আগন্তুক দিনত মৰাণ জনগোষ্ঠীৰ পাঁচ হেজাৰৰো অধিক লোকে বিজেপিত যোগ দিব বুলিও তেওঁ দাবী কৰে । কালি মৰাণৰ লগত ডেৰশ সমৰ্থকে বিজেপিত যোগ দিয়ে । ৰাজ্যিক বিজেপিৰ কে’বাজনো জ্যেষ্ঠ নেতা উপস্থিত থকা অনুষ্ঠানটোত প্ৰদেশ যুৱ কংগ্ৰেছৰ সম্পাদিকা ৰেণু শৰ্মা আৰু তেজপুৰ কংগ্ৰেছ মণ্ডলৰ সভানেত্ৰী অনু কেওতেও যোগ দিয়ে ।

Exit mobile version