কৰ’নাৰ আতংকই পিছ এৰা নাই ৰিচাৰ্ডক

2018 09 18 54047 1537233835. large

এবিধ কৰ’না ভাইৰাছৰ পৰাই ৰক্ষাৰ উপায় পােৱা নাছিল, তাতে আকৌ নতুনকৈ ওলাল এই ভাইৰাছৰ ষ্ট্রেন বা প্রকাৰভেদ। সকলাে সময়তে এই ভাইৰাছৰ আতংকই যেন সকলােকে খেদি ফুৰিছে।

সেয়ে দেশৰ ইটো প্ৰান্তৰ পৰা সিটো প্রান্তলৈ যােৱাৰ বাবে এখন বিমানকেই সংৰক্ষণ কৰি ল’লে এজন লােকে। ইণ্ডোনেছিয়াৰ ৰিচার্ড মূলজাদি নামৰ এই লােকজন এজন জনপ্রিয় চেলিব্রিটী।

কৰ’না পৰিস্থিতিৰ মাজতে সম্প্রতি তেওঁ পত্নীৰ স’তে জাকার্টাৰ পৰা বালিৰ দেনপাছাৰলৈ গৈছিল। তাৰ বাবেই তেওঁ এখন বিমানৰ সকলাে আসন সংৰক্ষিত কৰি লয়। ৰিচার্ডে নিজৰ ইনষ্টাগ্রামত এই কথা সদৰী কৰিছে।

উদং বিমানৰ ফটো প’ষ্ট কৰি তেওঁ লিখিছে,‘বিমানত আৰু কোনাে নাছিল। যাত্রী থকা হ’লে বিমানত আমি নুঠিলােৱেইহেঁতেন। বিমানৰ সকলাে আসন ‘বুক’ কৰিলেও চার্টার্ড বিমানতকৈ খৰচ কমেই হৈছে বুলিও তেওঁ দাবী কৰিছে।

অৱশ্যে বিচার্ডে উল্লেখ কৰা লায়ন এয়াৰ গ্ৰুপৰ আইডি-৬৫০২ ৰিচাৰ্ড। সেয়ে তেওঁ সমগ্র বিমানখন সংৰক্ষিত কৰা কার্যত বিশেষ আচৰিত হ’বলগীয়া কথা নহয় বুলিয়েই মন্তব্য কৰিছে। একাংশ সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে।

Exit mobile version