চিগাৰেট আইনৰ সংশোধনী প্ৰস্তাৱে শংকিত কৰিছে শ্বেয়াৰ বজাৰৰ বিনিয়োগকাৰীক

smoking og

ভাৰতত বর্তমানে ১৮ বছৰতকৈ কম বয়সীয়াৰ বাবে ধূমপান আৰু ধপাতজাতীয় সামগ্ৰীৰ সেৱন নিষিদ্ধ হােৱাৰ লগতে এই শ্ৰেণীৰ গ্ৰাহকক এনে পণ্য বিক্ৰী কৰাতাে নিষেধাজ্ঞা আছে। এইবাৰ বয়সৰ এই সীমা বৃদ্ধি কৰি ২১ বছৰ কৰাৰ যাে-জা চলাইছে। কেন্দ্রীয় চৰকাৰে। ইতিমধ্যে নতুন আইন তৈয়াৰ কৰাৰ বাবে খচৰা প্ৰস্তুত কৰি তােলা বুলি শেহতীয়াকৈ ঘােষণা কৰিছে কেন্দ্রই। চিগাৰেট আৰু অন্যান্য ধপাতজাতীয় সামগ্ৰীৰ (বিজ্ঞাপনত নিষেধাজ্ঞা আৰু ব্যৱসায়-বাণিজ্য, উৎপাদন,সৰবৰাহ তথা বিক্ৰী নিয়ন্ত্রণ) সংশােধন আইন-২০২০ বিধেয়কখন শীঘ্ৰেই আইনলৈ পৰিণত কৰাৰ বাবে খৰখেদা লগাইছে চৰকাৰে।

২০০৩ চিগাৰেট আৰু ধপাতজাতীয় পণ্য উৎপাদন তথা বিক্ৰীৰ ওপৰত নিয়ন্ত্রণ ৰখাৰ বাবে যি আইন আছে, তাক সংশােধন কৰি খচৰা বিধেয়কখন প্রস্তুত কৰি উলিয়াইছে কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে। সংশােধিত প্রস্তাৱ অনুসৰি কোনােবাই যদি এই নিয়ম উলংঘন কৰি ২১ বছৰতকৈ কম বয়সৰ ব্যক্তিক এই ধৰণৰ নিচাযুক্ত পণ্য বিক্ৰী কৰে তেন্তে এই আইনৰ সাত নম্বৰ ধাৰা অনুযায়ী প্রথমবাৰৰ বাবে কৰা অপৰাধৰ ক্ষেত্ৰত দুবছৰৰ কাৰাদণ্ড বা এক লক্ষ টকাৰ জৰিমনা আৰু দ্বিতীয়বাৰৰ ক্ষেত্ৰত পাঁচ বছৰৰ কাৰাদণ্ড বিহা হ’ব।

আনহাতে, দেশৰ যিসমূহ অঞ্চলত ধূমপান নিষিদ্ধ সেইসমূহত ধূমপান কৰি ধৰা পৰিলে ভৰিবলগীয়া জৰিমনাৰ পৰিমাণ ১০ গুণলৈ বৃদ্ধি পাব এই নতুন আইন প্রণয়ন হলে। বর্তমানে এই ধৰণৰ অপৰাধত দোষী সাব্যস্ত হােৱা ব্যক্তিয়ে মাত্র ২০০ টকাৰ জৰিমনা ভৰিলেই হয় যদিও নতুন আইনৰ আওতাত এই অংক বৃদ্ধি কৰি দুহেজাৰ টকা কৰাৰ প্রস্তাৱ দিছে কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে। ইয়াৰ সমান্তৰালভাৱে বেআইনীভাৱে চিগাৰেট তথা অন্যান্য ধপাতজাতীয় পণ্য উৎপাদন আৰু বিক্ৰী কৰা অসাধু ব্যৱসায়ীক নাকী লগােৱাৰ উদ্দেশ্যে কঠোৰ শাস্তিৰ প্রস্তাৱ দিয়া হৈছে এই খচৰাত।

এনে দোষত অভিযুক্ত ব্যক্তিয়ে এবছৰৰ কাৰাবাস খটাৰ লগতে ৫০ হেজাৰ টকাৰ জৰিমনা ভৰিব লাগিব। বিশেষজ্ঞসকলৰ মতে, এই খচৰা বিধেয়ক আইনলৈ পৰিণত হ’লে চিগাৰেট প্রস্তুতকাৰী সংস্থাসমূহাে মহা সমস্যাত পৰিব। ন্যূনতম বয়স বৃদ্ধি কৰাৰ পাছত সম্ভাব্য নতুন গ্রাহকতাে হেৰুৱাবই, সংস্থাসমূহৰ শ্বেয়াৰ মূল্যৰাে পতন ঘটিব। আনহাতে, অতিমাৰীৰ কোপে ঢােকে ঢােকে পানী খুওৱা শ্বেয়াৰ বজাৰৰ বিনিয়ােগকাৰীসকলৰ এচামক এতিয়াৰ পৰাই এই নতুন চিগাৰেট বিধেয়কখনৰ চিন্তাই জুলা-কলা কৰিছে। চিগাৰেটত কৰ বৃদ্ধিৰ আশংকাত প্রতিবছৰে কেন্দ্রীয় বাজেট ঘােষণাৰ আগে আগে ভয়ত ত্রস্তমান হৈ থাকে আইটিচিৰ দৰে সংস্থাৰ শ্বেয়াৰৰ নামত ধন খটুওৱাসকল।

চলিত বিত্তীয় বৰ্ষৰ আৰম্ভণিৰে পৰা এই পর্যন্ত ক’ভিড মহামাৰী আৰু তলাবন্ধৰ প্ৰভাৱৰ বাবে প্ৰচুৰ লােকচান ভৰিবলগীয়া হােৱা এইসকল বিনিয়ােগকাৰীৰ মূৰত যেন সৰগহে ভাঙি পৰিছে কেন্দ্ৰৰ এই ঘােষণাৰ পাছত। ২০২০ত মহামাৰীৰ বাবে নামমাত্র বিক্রী আৰু ২০২১তাে আইনৰ সংশােধিত ৰূপে মাধমাৰ শােধােৱাৰ আশংকাত ইতিমধ্যে আইটিচিৰ শ্বেয়াৰ মূল্যৰ খহনীয়া আৰম্ভ হৈছে বজাৰত। ২০২০ জানুৱাৰীৰ তুলনাত বর্তমান সংস্থাটোৰ শ্বেয়াৰ মূল্য প্রায় ১৩ শতাংশ কম। কেন্দ্ৰৰ দ্বাৰ প্রস্তাৱিত চিগাৰেট বিধেয়কখন সংশােধিত ৰূপত আইনলৈ পৰিণত হলে ভাৰতীয় শ্বেয়াৰ বজাৰত আইটিচিৰ বজাৰ মূল্য ব্যাপকভাৱে হ্রাস পাব পাৰে বুলি সাৱধানবাণী শুনাইছে বজাৰ বিশ্লেষক মহলে।

যাৰ ফলত স্বাভাৱিকতে শংকাৰ সৃষ্টি হৈছে আইটিচিৰ বিনিয়ােগকাৰীসকলৰ মাজত। প্রসংগক্রমে উল্লেখ কৰিব পৰি, ধপাতজাতীয় সামগ্ৰীৰ উৎপাদন আৰু বিক্ৰীৰ ওপৰত নিয়ন্ত্রণ ৰখাৰ হকে বিশ্ব স্বাস্থ্য সংস্থাৰ তৰফৰ পৰা যিসমূহ উদ্যোগ গ্রহণ কৰা হৈছে সেইসমূহত ভাৰতে সম্পূর্ণ সহযােগিতা আগবঢ়াই আহিছে প্ৰথমৰে পৰা। ২০০৩ মে’ত জেনেভাত স্বাক্ষৰিত হােৱা চুক্তিত ভাৰতাে চামিল আছিল আৰু চুক্তি অনুযায়ী ২০০৫ৰ ২৭ ফেব্ৰুৱাৰীৰ পৰা এই আইন ভাৰতত কার্যকৰী কৰা হৈছিল। সম্প্রতি এই আইনকে সংশােধিত ৰূপত প্রণয়ন কৰাৰ পৰিকল্পনা কৰিছে কেন্দ্রীয় চৰকাৰে।

Exit mobile version