পশ্চিম কাৰ্বি আংলঙত অৰণ্য মানৱ যাদৱ পায়েঙ

WhatsApp Image 2021 01 10 at 6.29.08 PM

পশ্চিম কাৰ্বি আংলঙৰ খেৰনিত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় গ্ৰাম্য বিজ্ঞান মেলা। উল্লেখযোগ্য যে অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সৌজন্যত অসম বিজ্ঞান সমিতিৰ সহযোগত কঁপিলী ভেলী শাখাৰ উদ্যোগত খেৰণিত অনুষ্ঠিত হোৱা এই মেলাৰ প্ৰথম কাৰ্যসূচী হিচাপে অসম বিজ্ঞান সমিতিৰ পশ্চিম কাৰ্বি আংলং জিলা সমন্নয়ক বীৰেন বৰাৰ সহযোগত কঁপিলী ভেলী শাখাৰ সভাপতি ধনেশ্বৰ বৈশ্যই পতাকা উত্তোলন কৰে।

ADVERTISEMENT

অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থকা ৰাষ্ট্রীয় সন্মান প্ৰাপ্ত অৰণ্য মানৱ যাদৱ পায়েঙে মেলাখনৰ উদ্বোধন কৰে। লগতে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে অংকন কৰা ছবি, বিজ্ঞান আৰ্হি প্ৰকল্প আদিৰ মুকলি প্ৰদৰ্শন কৰে এই মেলাৰ যোগেদি।

ইয়াৰ উপৰিও চিত্ৰাংকণ আৰু কভিড-১৯ মহামাৰীক লৈ ৰচনা প্ৰতিযোগিতাও অনুষ্ঠিত কৰে উদ্যোগতাই। কাৰ্যসূচী অনুসৰি পায়েঙে ছাত্ৰ ছাত্ৰীৰ মাজত গছ পুলি বিতৰণ আৰু বৃক্ষ ৰোপন কৰে খেৰণি হাই স্কুল চৌহদত।

লগতে সংবাদ মাধ্যম যোগে কাৰ্বি আংলঙৰ সংৰক্ষিত বনাঞ্চল কোনো কাৰণতে সংকুচিত নকৰিবলৈ কাৰ্বি আংলংবাসীক আহ্বান জনায় যাদৱ পায়েঙে। গ্ৰামাঞ্চলত সজাগতা অনাৰ বাবে অসম বিজ্ঞান সমিতিয়ে এনেদৰে গাঁৱে-ভূঞে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক লৈ বিজ্ঞান মেলা অনুষ্ঠিত কৰাটো খুবেই এক ভাল পদক্ষেপ বুলিও মন্তব্য কৰে পায়েঙে।

আয়োজিত অনুষ্ঠানত হামৰেন ডি এফ অ ৰাজীৱ ইংতি, শিক্ষক-শিক্ষয়ত্ৰী, ছাত্ৰ ছাত্ৰী আৰু কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে গ্ৰাম্য বিজ্ঞান মেলাত। ইয়াৰ পাছতে একেদৰে টুমপ্ৰেঙত অনুষ্ঠিত হোৱা গ্ৰাম্য বিজ্ঞান মেলাতো অংশগ্ৰহণ কৰে যাদৱ পায়েঙে।

Exit mobile version