পুৰুষৰ প্ৰতি জন্ম হােৱা চৰম ঘৃণাৰ বাবেই গঢ়ি উঠিছিল এখন মহিলাৰ গাঁও

no mans land meet the women of kenyas umoja village 1441719800

পুৰুষৰ প্ৰতি জন্ম হােৱা চৰম ঘৃণাৰ বাবেই গঢ়ি উঠিছিল এখন গাঁও, যত একমাত্র মহিলাইহে বাস কৰে। কোনাে প্রাপ্তবয়স্ক পুৰুষৰ সেই গাঁৱত প্ৰৱেশাধিকাৰ নাই। কেনিয়াৰ এই গাঁওখনেই এতিয়া পৰিণত হৈছে পর্যটকৰ অন্যতম আকর্ষণত। এই গাঁওখন সৃষ্টিৰ প্ৰধান কাৰণ হৈছে ছাম্বুৰু আদিবাসীসকল। ছাম্বুৰু আদিবাসীসকলৰ গাঁওখনৰ নামাে ছাম্বুৰু। কেনিয়াৰ অতি ভিতৰুৱা অঞ্চলৰ এই গাঁওখনত ছায়ুৰুসকলৰ উপৰি তুর্কানা সহ আন একাধিক আদিবাসী লােকেও বাস কৰে।38266349 401বিশ্বৰ অন্যান্য ঠাইৰ আদিবাসী মহিলাৰ দৰে ছাম্বুৰু মহিলাসকলাে আছিল সমাজৰ পিছ পৰি ৰােৱাসকলৰ শাৰীত। তেওঁলােকক দ্বিতীয় শ্রেণীৰ নাগৰিকৰূপেই গণ্য কৰা হৈছিল। ছায়ুৰুৰ পুৰুষতান্ত্রিক সমাজে সততে নাৰীসকলক নিজৰ ইচ্ছাত ব্যৱহাৰ কৰিছিল। কেতবােৰ সামাজিক কু-প্রথাৰ বাবে গাঁওখনৰ মহিলাসকলে যৌনাংগহানি, অকথ্য নির্যাতনৰ মাজত দিন কটাবলগীয়া হৈছিল নাবালিকাক বলপূর্বক বিয়া দিয়া হৈছিল। আনকি একাধিক পুৰুষৰ ধর্ষণৰাে বলি হৈছিল মহিলাসকল।অথচ তেওঁলােকৰ কথা শুনিবলৈ কাষত কোনাে নাছিল। আনকি স্বামীয়ে ইচ্ছা কৰিলে পত্নীক হত্যাও কৰিব পাৰিছিল। কোনেও মহিলাসকলৰ পক্ষত থিয় নিদিছিল, বৰঞ্চ স্বামী সমর্থনৰ বাবে সাজু থাকিছিল অনেক পুৰুষ। মহিলাৰ প্ৰতি ইমানেই নিষ্ঠুৰ আছিল ছাম্বুৰু পুৰুষ। গাঁওখনৰ মহিলাসকলে প্রাধানকৈ স্বামীৰ সম্পত্তিৰ দৰে জীৱন কটাইছিল। এনে অকথ নির্যাতন সহ্য কৰি কৰি অৱশেষত যেতিয়া ছাল্লুৰু মহিলাসকল এদিন ভাগৰুৱা হৈ পৰিল, তেতিয়াই তেওঁলােকৰ উদ্যোগত ছাম্বুৰু গাঁৱৰ সমীপতে গঢ়ি উঠিছিল আন এখন গাঁও।

উমােজা নামৰ মহিলাসকৰ নিজস্ব গাঁওখনত পুৰুষৰ প্ৰৱেশ সম্পূর্ণৰূপে ১৯৯০ত ৰেবেকা ললােছলি নামৰ এগৰাকী মহিলাই আন একাংশ নির্যাতিতা আৰু আশ্রয়হীন মহিলাক লৈ এই পুৰুষমুক্ত গাঁওখন গঢ়ি তুলিছিল। ৰেবেকা নিজেও আছিল গেৰাকী নির্যাতিতা। ছাম্বুৰুত নিয়ােজিত সেনাৰ জোৱানসকলেও গাঁওখনৰ মহিলাসকলৰ ওপৰত অকথ্য যৌন নিপীড়ন চলাইছিল।সেনাই মহিলাসকলক ইচ্ছা অনুসৰি উপভােগ কৰিছিল। প্রায় একে সময়তে প্রায় ডেৰ হেজাৰ ছাল্লুৰু মহিলা ধর্ষিতা হৈছিল। কিন্তু এই নির্যাতিতাসকলে দুঃসময়ত নিজৰ স্বামীকো কাষত পােৱা নাছিল।বিপৰীতে তেওঁলােকক গৃহহীন কৰা হৈছিল। ৰেবেকাও আছিল সেই নির্যাতিতাৰ দলত। কিন্তু তেওঁৰ মনটোৱে এনে অবিচাৰ সহ্য কৰিব নােৱাৰিলে। স্বামী বা আন পুৰুষৰ প্রতি তেওঁৰ মনত জন্ম হৈছিল চৰম ঘৃণাৰ। তেতিয়াই আন ১৫ গৰাকী আশ্রয়হীনা মহিলাক লৈ ৰেবেকাই নিজৰ বাবে এক আশ্রয়স্থল গঢ়ি তােলে। সম্প্রতি ছাম্বুৰুৰ সকলাে নির্যাতিতা মহিলাই এই উমােজাতেই আশ্রয় লয়। এই গাঁৱত কেৱল মহিলাৰ কথাহে চলে। মর্যাদা সহকাৰে মূৰ দাঙি জীৱন-যাপন কৰে তেওঁলােকে।অনেক অন্তঃসত্ত্বা মহিলায়াে এই গাঁৱত আশ্রয় লয়। অৱশ্যে এটা চর্তত। তেওঁলােকৰ কোনােৱে পুত্র সন্তান জন্ম হলে মাত্র ১৮ বছৰ বয়স হােৱালৈকেহে মাতৃৰ কাষত পাৰিব। ১৮ বছৰ পাৰ হােৱাৰ লগে লগে সেই পুত্র সন্তানে মাতৃৰ পৰা বিচ্ছেদ হৈ উমােজা গাঁও ত্যাগ কৰিব লাগিব। উমােজা গাঁও গঢ়ি তােলাটো মহিলাসকলৰ বাবে সহজসাধ্য কাম নাছিল। মহিলাসকলৰ আধিপত্য কোনাে প্ৰকাৰে মানি ল’প পৰা নাছিল পুৰুষসকলে। ফলত ৰেবেকাহঁতে অনেক ভাবুকিৰাে সন্মুখীন হৈছিল। ততাপি তেওঁলােক একত্ৰিত হৈ সংগ্রাম অব্যাহত ৰাখিছিল।উমােজাৰ মহিলাসকলে গাঁৱৰ বাহিৰলৈকো গৈছিল। বজাৰ কৰা, ফুৰিবলৈ যােৱা আদি সকলাে কামেই তেওঁলােকে কৰিছিল। তেওঁলােকৰ কাহিনী দ্রুতগতিৰে সমগ্র বিশ্বতে বিয়পি পৰাত এটা সময়ত গাঁওখন পর্যটনৰ অন্যতম কেন্দ্রস্থল হৈ পৰিল। পর্যটন উদ্যোগ গঢ়ি উঠাৰ ফলত তেওঁলােকৰ উপার্জনৰ পথাে মুকলি হৈ পৰে। কলাে দিশৰ পৰাই উমােজাৰ মহিলাসকল স্ব-নিৰ্ভৰশীল হৈ উঠে। ছাম্বুৰুৰ পুৰুষসকলে এই কথা মানি ল’ব পৰা নাছিল। তেওঁলােকেও এক পৃথক পুৰুষৰ গাঁও স্থাপন কৰি পৰ্যটকৰ দৃষ্টি আকষণৰ চেষ্টা কৰিছিল, যাতে মহিলাসকলৰ উপাৰ্জনৰ পথ বন্ধ হৈ পৰে।অৱশ্যে পুৰুষ গাঁৱৰ পৰিকল্পনাই সফলতা নাপালে। ইয়াৰ বিপৰীতে উমােজাৰ ক্রমবর্ধমান জনপ্রিয়তা পুৰুষসকলৰ বাবে অধিক হিংসাৰ কাৰণ হৈ উঠে। একাধিকবাৰ উমােজাত আক্রমণ চলাই মহিলাসকলৰ ঘৰ-বাৰী ভাঙি পেলােৱা হৈছিল। আদালতত গােচৰ তৰি মহিলাসকলৰ দখলত থকা সেই ভূমিৰ অধিকাৰ কাঢ়ি লােৱাৰাে চেষ্টা কৰিছিল। কিন্তু মহিলাসকলক যিমান বেছি আঘাত কৰা হৈছিল, সিমানবাৰেই সেই আঘাত বুমেৰাং হৈ ঘূৰি আহিছিল পুৰুষলৈ। এই খবৰ সদৰী হােৱাৰ পাছতে মহিলাসকলৰ সাহায্যার্থে আগবাঢ়ি আহে ৰাষ্ট্ৰসংঘ আৰু কেনিয়াৰ সাংস্কৃতিক মন্ত্রণালয়।আইন অনুসাৰেই এতিয়া সেই ভূমি মহিলাসকৰ নামত হৈছে। অর্থ সাহায্যৰ সমান্তৰালকৈ এতিয়া গাঁওখনত উপার্জনৰ বিভিন্ন উপায় বুজাবলৈ মহিলাসকলক প্রশিক্ষণাে দিয়া হয়। পর্যটনৰ সমান্তৰালকৈ তেওঁলােকে সম্প্রতি ক্ষুদ্র উদ্যোগ আৰু খেতি কৰিও অনেক উপার্জন কৰে। নিজ নিজ ভূমিত তেওঁলােকে কাঁটাতাঁৰৰ বেৰা দি ঘেৰি ৰাখিছে। তাৰ ভিতৰতে মাটি, গােবৰ আৰু ঘাঁহেৰে সৰু সৰু ঘৰ সাজি তেওঁলােকে বাস কৰে।মহিলাৰ অধিকাৰ ৰক্ষাৰ উপৰি তেওঁলােক এতিয়া বহু সামাজিক কাম-কাজতাে যুক্ত হৈ আছে। অনাথ শিশুক তেওঁলােকে লালন-পালন কৰে। এতিয়া ছাম্বুৰু পুৰুষসকলকো গাঁৱত প্ৰৱেশৰ অনুমতি দিছে উমােজাই।অৱশ্যে কেৱল দৰ্শনৰ বাবেহে। নিশা যাপনৰ অনুমতি তেওঁলােকৰ নাই।২০১৫ত উমােজাত লােকপিয়ল হৈছিল। সেই সময়ত উমােজাত বাস কৰিছিল ৪৭গৰাকী মহিলা আৰু প্রায় দুশটি শিশু।

ছাম্বুৰুৰ শিশুসকলে যি সময়ত গৰু-ছাগলী চৰাই দিন অতিবাহিত কৰে, সেই সময়ত উমােজাৰ শিশুসকলে পাঠশালাত পাঠগ্রহণ কৰে। উমােজাত শিশুৰ বাবে বিদ্যালয়ে আছে। ২০১৫তে উমােজা গাঁও প্রদর্শন কৰি আপ্লুত হৈ পৰিছিল বাৰাক অবামা। তেতিয়াই অবামাই কৈছিল, সমগ্র বিশ্বতে মহিলাক অৱনমিত কৰি ৰখাৰ এটা ৰীতি আছে। মহিলাসকলক দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰূপে গণ্য কৰা হয়। এই সকলােবােৰ কু-ৰীতিনীতি সলনি কৰাৰ প্রয়ােজন হৈছে। অংগহানি, বাল্য বিবাহৰ দৰে প্রথাবােৰ অতি প্রাচীন। এই শতাব্দীত এইবােৰ প্ৰথাৰ কোনাে স্থান থকাৰ কথা নাই।

Exit mobile version