আমেৰিকাৰ চিৰিয়াখানাত কৰ’নাত আক্ৰান্ত দুটা গৰিলা

download 2

এইবাৰ ক’ভিডত আক্ৰান্ত হ’ল আমেৰিকাৰ এখন চিৰিয়াখানাৰ দুটা গৰিলা । কালি দুটা গৰিলাই কৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ খবৰ নিশ্চিত কৰে কেলিফ’ৰ্ণিয়াৰ চান ডিয়েগ’ চিৰিয়াখানাৰ কৰ্তৃপক্ষই ।

বিগত সপ্তাহত চান ডিয়েগ’ চিৰিয়াখানাৰ গৰিলা দুটাৰ কাঁহ হয় । শক্ৰবাৰে কৰা প্ৰাথমিক পৰীক্ষণত কৰ’না ভাইৰাছৰ উপস্থিতিৰ প্ৰমাণ পোৱা গৈছিল । ইয়াৰ পাছতেই আমেৰিকাৰ ডিপাৰ্টমেণ্ট অৱ এগ্ৰিকালচাৰ্ছ নেছনেল ভেটেৰেনেৰী চাৰ্ভিচেছ লেবৰেটৰীয়ে কালি গৰিলা দুটা কৰ’নাত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰে । সম্প্ৰতি আন এক গৰিলাৰো কাঁহ আৰম্ভ হৈছে । যিহেতু গৰিলাবোৰে পৰিয়ালৰ দৰে একজোট হৈ থাকে সেয়েহে চিৰিয়াখানাৰ আন গৰিলাবোৰো আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে বুলি মত প্ৰকাশ কৰা হৈছে ।

ভাইৰাছত আক্ৰান্ত হোৱা গৰিলাবোৰৰ কাঁহৰ বাহিৰে শাৰীৰিক অৱস্থা ভাল । আন গৰিলাবোৰৰ স্বাস্থ্যৰ ওপৰত দৃষ্টি নিক্ষেপ কৰা হৈছে বুলি জনাইছে চিৰিয়াখানা কৰ্তৃপক্ষই । লক্ষণহীন কৰ’না আক্ৰান্ত চিৰিয়াখানা কৰ্মীৰ পৰাই গৰিলাকেইটা ক’ভিডত আক্ৰান্ত হৈছে বুলি সন্দেহ কৰা হৈছে । চিৰিয়াখানাৰ কৰ্তৃপক্ষই কয়, ‘ভাইৰাছত আক্ৰান্ত গৰিলাকেইটাক কোৱাৰেণ্টাইনত ৰখা হৈছে । আমি আশা কৰো তেওঁলোক অতি শীঘ্ৰেই সুস্থ হৈ উঠিব ।’

আমেৰিকাত সংক্ৰমণ বৃদ্ধি হোৱাৰ সময়তে বিগত বৰ্ষৰ ডিচেম্বৰত কেলিফ’ৰ্ণিয়াৰ চিৰিয়াখানা বন্ধ কৰি দিয়া হৈছিল ।

Exit mobile version