চনু সুদে বিদ্যাৰ্থীসকলক স্মাৰ্টফোন প্ৰদান কৰাৰ ওপৰত আৰম্ভ কৰিছে নতুন অভিযান

Soonu sood12 1598519071

সকলো সময়তে জনপ্ৰিয় অভিনেতা চনু সুদে বিভিন্নজনক সহায়ৰ হাত আগবঢ়াই আহিছে আৰু এইবাৰ পুনৰ শিক্ষার্থীৰ বাবে চনু সুদে আৰম্ভ কৰিছে স্মাৰ্টফোনৰ বিতৰণৰ অভিযান।

স্মাৰ্টফোনৰ অভাৱৰ বাবে অনলাইন শ্ৰেণীত উপস্থিত থাকিব নোৱাৰা শিক্ষাৰ্থীসকলে প্ৰতিবন্ধকতা অবিহনে শিক্ষা প্ৰাপ্ত কৰাটো নিশ্চিত কৰিবলৈ চনু সুদে এক নতুন অভিযান আৰম্ভ কৰিছে।

ইয়াৰ আগতে তেওঁৰ ‘নতুন অভিযান’ৰ বিষয়ে চনুৱে ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰিছিল। এই ক্ষেত্ৰত তেওঁ কয় যে “মই লকডাউনৰ সময়ত অনুভৱ কৰিছো যে বহু লোকে তেওঁলোকৰ অনলাইন ক্লাছ বাদ দিছিল কিয়নো তেওঁলোকৰ স্মাৰ্টফোন নাছিল বা সেই শ্ৰেণীবোৰত যোগদান কৰিবলৈ অসমৰ্থ আছিল।”

” মই এটা প্লেটফৰ্ম আৰম্ভ কৰি আছো য’ত ফোন নথকাসকলৰ বিকল্প থাকিব। কোনেও শিক্ষাৰ পৰা বিৰত থাকিব নালাগে। আমি এই লোকসকলক একগোট কৰিম আৰু তেওঁলোকক স্মাৰ্টফোন দিয়াৰ ব্যৱস্থা কৰিম।”

পূৰ্বতে চনুয়ে শিক্ষাৰ উদ্দেশ্যে শিক্ষাৰ্থীসকলক প্ৰায় ১০০ টা স্মাৰ্টফোন বিতৰণ কৰিছিল। “ক’ভিডৰ সময়ত আমি পঞ্জাৱ, তেলেঙ্গানা, অন্ধ্ৰ প্ৰদেশ আৰু মুম্বাইৰ কিছু অংশত প্ৰায় ১০০ টা ফোন বিতৰণ কৰিছিলো,” বুলিও তেওঁ কয় ।

লগতে তেওঁ কয় যে, বিদ্যাৰ্থীসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি এই অভিযান আৰম্ভ কৰা হৈছে। পিতৃ-মাতৃয়ে দুখ কৰিব নালাগে যে তেওঁলোকৰ সন্তানে স্মাৰ্টফোন ক্ৰয় কৰিব নোৱাৰে ।

Exit mobile version