মাঘ বিহুৰ আয়োজনত ব্যস্ত বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা

Screenshot 180

সদায় ব্যতিক্রমী ৰূপত দেখা পোৱা বিধায়িকা আঙুৰলতা ডেকা আজি অন্য এক ৰূপত । নিজ সমষ্টিৰ জাজৰিত বিধায়িকাগৰাকীয়ে ভোগালী বিহুৰ উপলক্ষে পৰম্পৰাগতভাৱে পিঠা-পনা বনোৱা লগতে ঢেঁকীৰ গোমগোমনীত জলপান প্ৰস্তুত কৰা দেখিবলৈ পোৱা যায় ।

এনে বুঢ়ি নাচনী তাতে আকৌ নাতিনীয়েকৰ বিয়া সেয়েহে আজিৰ দিনত এপাক ককাল ভাঙি নানাচি থাকে কেনেকৈ । অকল নচাই নহয় বিহু গীত জুৰি নাচিলে হালি-জালি বিধায়িকা গৰাকীয়ে ।

প্ৰতিজন অসমীয়া লোকে নিজ নিজ স্থানত ভোগৰ উৎসৱটিক আদৰিবলৈ লোৱাৰ সময়তে বটদ্ৰৱা সমষ্টিতো চলিছে ব্যাপক প্ৰস্তুতি । বিশেষকৈ এগৰাকী বিধায়িকা হোৱাৰ পাছতো নিজৰ জাতিৰ প্ৰতি থকা দায়ৱদ্ধতা সঁচাকৈয়ে শলাগিবলগীয়া ।

Exit mobile version