দিনটোৰ ৰাশিফল

horoscope main image 3

মেষঃ প্ৰিয় লোকৰ কোনো কথাত সন্তুষ্ট নহ’ব। দুই ধৰণৰ চিন্তাই আপোনাৰ কৰ্মত আহুকালৰ সৃষ্টি কৰিব । শৰীৰৰ প্ৰতি নজৰ ৰাখক । পিছে অপেক্ষা কৰা কোনো সংবাদত সুখ । শুভ ৰং বেঙুনীয়া ।

বৃষঃ আৰ্থিক আমদানিৰ লগতে খৰচৰ পথো মুক্ত থাকিব । কৰ্মৰ ওপৰত বিশ্বাস থাকিব । কোনো কাৰণে বিৰক্ত ভাব আহিব পাৰে । সন্তানৰ ভালেই । সন্তান সম্ভৱাৰ কন্যা সন্তান লাভৰ যোগ । শুভ ৰং নীলা ।

মিথুনঃ সাধাৰণ খং ৰাগ । কিন্তু উন্নত পৰিৱেশক সিয়ে ক্ষতি নকৰিব । প্ৰেম প্ৰীতিত মধ্যম আবেগ বৃদ্ধি । খৰচ বাঢ়িব । দৰকাৰী কামৰ বাবে কোনোৱে কৰা চেষ্টাত সফল হ’ব । শুভ ৰং আকাশী নীলা ।

কৰ্কটঃ ক্ষীপ্ত পৰিৱেশ আৰম্ভণিৰ সম্ভাৱনা হ’লেও প্ৰকট নহ’ব । শৰীৰৰ প্ৰতি যত্ন লোৱাটো দংকাৰ বিদ্যাৰ্থীৰ মধ্যম । বন্ধু-বান্ধৱৰ পৰা উৎসাহ । কিন্তু তেওঁলোকৰ ওপৰত নিৰ্ভৰ নকৰাই ভাল । শুভ ৰং বগা ।

সিংহঃ আনৰ কথাত অসন্তুষ্টি প্ৰকাশ । শাৰীৰিকত বিশেষ দুৰ্ভাৱনা নাই । আত্মীয়ৰ সংগ লাভ । বিদ্যাত বেয়া নহ’ব । শুভ ৰং ক’লা ।

কন্যাঃ ধৈৰ্যৰে প্ৰতিকূল বিষয়াদি নিয়ন্ত্ৰণৰ চেষ্টা কৰক । বিদ্যালাভত বাধা কম । ভ্ৰমাণাদিত কষ্ট হ’লেও শুভ । পিতৃৰ কথাত নিৰুৎসাহ । শৰীৰ বৰ ভালেৰে যোৱা টান । নতুন সংবাদত আনন্দ । শুভ ৰং ক্ৰীম ।

তুলাঃ সদায় স্বাৱলম্বিতা আপুনি পছন্দ কৰিব, কিন্তু সময়ে তাক উৎসাহিত নকৰিব । আৰ্থিকত চিন্তিত । খৰচৰ মাত্ৰা বৃদ্ধি । ব্যস্ততা শুভ ৰং কমলা ।

বৃশ্চিকঃ কেতু, মংগল, শুক্ৰ, ৰবি যাৰ জীৱনত শুভ তেওঁৰ দিনটোত বেছি আহুকাল নাই । কিন্তু শাৰীৰিক দৃষ্টিত আহুকাল সামান্য হ’লেও থাকিব । শৰীৰ মধ্যম । বিদ্যাত মধ্যম । শুভ ৰং নীলা ।

ধনুঃ দৰিদ্ৰ নাৰায়ণৰ প্ৰতি চিন্তা থাকিলেও কিছু সন্দেহ মনত লাগি থাকিব । দাম্পত্য সন্তান আদিৰ লগত মধ্যম প্ৰভাৱ । অৰ্থ লাভ । স্বাৰ্থৰ বাহিৰত থকালৈ আপোনাৰ অহৈতুক অবিশ্বাস হ’ব । শুভ ৰং হালধীয়া ।

মকৰঃ খং-ৰাগ বৃদ্ধি পাব পাৰে । শৰীৰৰ উত্তাপ হ’লেও ভয়ৰ বিশেষ কাৰণ নাই । অৱশ্যে প্ৰাপ্য ধন পোৱাৰ সম্ভাৱনা থাকিব । শুভ ৰং বেঙুনীয়া ।

কুম্ভঃ ইচ্ছাকৃত কথাত কিবা বাধা পাব শৰীৰৰ অথন্তৰো দেখা নাযায় । প্ৰাপ্যদি কিছু পাব আৰু নতুন চিন্তাৰ উৎসাহ পাব, কিন্তু দাম্পত্যত উদ্বেগ ।

মীনঃ মধ্যম হ’লেও সাৱধানেৰে দিনটো পাৰ কৰক । বিদ্যাত জটিলতা নাপায় । কৰ্মাদিও অযথা মন্থৰতা । শুভ ৰং ৰঙা ।

Exit mobile version