অসমীয়াৰ অতিকৈ চেনেহৰ আৰু আদৰৰ মাঘ বিহু। চহা কৃষকৰে আছে ইয়াৰ এক নিবিড় সম্পর্ক। শস্য-মৎসৰে নদন বদন হয় এই সময় ছোৱাত।যাৰ বাবে মাঘ বিহুক কোৱা হয় ভোগৰ উৎসৱ। এই বিহুত পৰম্পৰাগত ভাবে উৰুকাৰ নিশা স্থানীয় লোকৰে মিলি মেজি ঘৰত ভোজ ভাত খাই আনন্দ কৰে। জনবিশ্বাস বা পৰম্পৰা অনুসৰিয়েই পুৱা সকলোৱে গা ধুই নাম কীৰ্তন কৰি মেজি জ্বলাই ইশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰে সমাজৰ পৰা অসুয়া -অপ্রীতি দূৰ হৈ যাতে শান্তি প্ৰতিষ্ঠা হয়।
ইয়াৰ ব্যক্তিক্ৰম নহয় নগাঁও জিলা ধিঙৰ আঠগাোঁও অথবা ধিং লাকলঙ্গীয়া বাসী। এই সকল লোকেও নিশা মিলিজুলি এখাজ তৃপ্তিৰে খাই আজি পুৱাই জ্বলাই দিয়ে মেজি।