কৰ’নাৰ প্রতিষেধক লােৱাৰ পাছত নৰ’ৱেত মৃত্যু ২৩ জনৰ

vaccine china coronavirus GettyImages 1211365729 1

সমগ্ৰ ভাৰতত শনিবাৰৰ পৰা আৰম্ভ হৈছে কৰনাৰ টিকাকৰণ। অতি উৎসাহ-উদ্যমেৰে ভাৰতত এই টিকাকৰণ আৰম্ভ হােৱাৰ সময়ত নৰৱেৰ পৰা পােৱা গ’ল এক উদ্বেগজনক খবৰ। ইউৰােপৰ দেশখনত ইতিমধ্যেই কৰনাৰ প্রতিষেধক সাধাৰণ লােকৰ শৰীৰত প্ৰয়ােগ কৰা হৈছিল। কিন্তু প্রতিষেধক প্রথমটো পালি গ্ৰহণ কৰাৰ পাছতে দেশখনত এই পর্যন্ত ২৩ জন লােকৰ মৃত্যু হােৱাৰ তথ্য পােৱা গৈছে।

লক্ষ্যণীয়ভাৱে মৃত্যুমুখত পৰা সকলােৰে বয়স ৮০ বছৰৰ অধিক। ইয়াৰ উপৰি আন বহুতাে অশীতিপৰ লােক টিকাকৰণৰ পাছতে অসুস্থ হৈ পৰিছে। যাৰ বাবে সমগ্ৰ নৰৱেত এতিয়া প্রতিষেধক আতংকৰ সৃষ্টি হৈছে। অৱশ্যে দেশখনত ফাইজাৰ প্রতিষেধকক কেন্দ্ৰ কৰিহে বিতর্ক সূচনা হৈছে। ভাৰতত দিয়া হৈছে ছেম ইনষ্টিটিউটৰ ক’ভিশ্বিল্ড আৰু ভাৰত বায়’টেকৰ ক’ভেক্সিন। যােৱা ডিচেম্বৰৰ অন্তিম সপ্তাহৰ পৰাই নৰৱেত ফাইজাৰৰ টিকাকৰণ আৰম্ভ হৈছিল।জানুৱাৰীৰ প্রথম সপ্তাহতে দুজন স্বাস্থ্যকর্মীৰ মৃত্যুৰ বাতৰি আহে।

পৰৱৰ্তী সময়ত মৃত্যুৰ তালিকাখন ক্রমে ডাঙৰ হৈ অহাত নৰৱে চৰকাৰ সম্প্রতি চিন্তিত হৈ পৰিছে। ইতিমধ্যে মৃত্যু হােৱা ২৩ জন লােকৰ প্ৰতিটো বিষয় চালি-জাৰি চাইছে চিকিৎসকসকলে। অসুস্থ আৰু বয়স্কসকলে এই প্রতিষেধক লােৱাটো বিপজ্জনক বুলিয়ে আশংকা কৰা হৈছে। অৱশ্যে ফাইজাৰ প্ৰতিষেধকৰ বাবেই এই লােকসকলৰ মৃত্যু হােৱা বুলিও এই পর্যন্ত নিশ্চিতৰূপে ক’ব পৰা হােৱা নাই। তথাপি মৃতসকলৰ ভিতৰত ১৩ জন লােকৰ ক্ষেত্ৰতে আছিল ডায়েৰীয়া, জ্বৰ আৰু শ্বাস-প্রশ্বাসৰ দৰে উপসর্গ; যিবােৰ এই প্রতিষেধকৰে সাধাৰণ পার্শ্বপ্রতিক্রিয়াৰ উপসর্গ।

ইপিনে, মৃত্যু হােৱাসকলৰ উপৰি আৰু কমেও ন জন লােকৰ ক্ষেত্ৰত অত্যন্ত গুৰুতৰ পার্শ্বপ্রতিক্রিয়া দেখা গৈছে বুলি নৰৱেৰ মেডিচিন এজেন্সীয়ে। এই সকলৰ মাজত দেখা গৈছে এলাৰ্জিৰ লক্ষণ তথা জুৰ। ইয়াৰ উপৰি বহুতেই প্রতিষেধকৰ বেজি লােৱা স্থানত যন্ত্রণা হােৱাৰ অভিযােগাে কৰিছে। সম্প্রতি নৰৱে চৰকাৰে অশীতিপৰ লােকসকলক প্রতিষেধক দিয়াৰ ক্ষেত্ৰত সতর্ক হােৱাৰ নির্দেশ দিছে। জনােৱা হৈছে যে ইমান বেছি বয়সৰ লােকৰ ক্ষেত্ৰত প্রতিষেধক বিশেষ ফলদায়ক নহ’বও পাৰে। এই পর্যন্ত দেশখনৰ ৩০ হেজাৰ লােকে প্রতিষেধক প্রথম পালি গ্ৰহণ কৰিছে। ইফালে, পৰিস্থিতি দেখি ফাইজাৰাে কিছু সতর্ক হৈ পৰিছে। ইতিমধ্যেই ইউৰােপৰ বহু স্থানত প্রতিষেধক সৰবৰাহ তেওঁলােকে বন্ধ কৰিছে।

Exit mobile version