চীনত এইবাৰ আইচক্ৰিমত ওলাল কৰ’না ভাইৰাছ

chocolate parle g ice cream

কৰ’না ভাইৰাছক কেন্দ্ৰ কৰি দুৰ্গতিৰ অন্ত নাই চীনৰ । কৰ’নাৰ উৎসস্থলী বুলি ইতিমধ্যে চৰ্চিত হৈ আহিছে দেশখন । তাতে কৰ’নাৰ উৎস সন্দৰ্ভত তথ্য গোপন কৰাৰ অভিযোগত চীন এতিয়া বিশ্ব স্বাস্থ্য সংস্থা (হু)ৰ তদন্তৰো সন্মুখীন হৈছে । আনহাতে, কৰ’নাৰ নতুন প্ৰজাতিৰ সংক্ৰমণেও দেশখনক শেহতীয়াকৈ ব্যাপকৰূপে শংকিত কৰিছে । তৎসত্ত্বেও সমস্যাৰ অন্ত পৰা নাই চীনৰ ।

এইবাৰ দেশখনৰ আইচক্ৰিমত পোৱা গ’ল কৰ’না ভাইৰাছৰ সন্ধান । উত্তৰ চীনত উৎপাদিত আইচক্ৰিমত পোৱা গৈছে কৰ’না ভাইৰাছ । ইতিমধ্যে যিখিনি আইচক্ৰিমত ভাইৰাছৰ সন্ধান পোৱা গৈছে, সেইখিনি চীনা প্ৰশাসনে জব্দ কৰিছে ।

এটা আন্তৰ্জাতিক সংবাদ সংস্থাই স্থলী কৰা অনুসৰি, তিয়ানঝিন পৌৰ নিগম অঞ্চলত ইতিমধ্যে সেই আইচক্ৰিম খোৱা ক্ৰেতাসকলক হোম কোৱাৰেণ্টাইনত থকাৰ নিৰ্দেশ দিয়া হৈছে । তিয়ানঝিনৰ এটা স্থানীয় কোম্পানীয়ে এই আইচক্ৰিম তৈয়াৰ কৰিছিল ।

উক্ত কোম্পানীৰ কাৰখানাটোও সম্প্ৰতি সাময়িকভাৱে বন্ধ ৰাখিবলৈ প্ৰশাসনৰ তৰফৰ পৰা নিৰ্দেশ দিছে । উক্ত কোম্পানীয়ে তৈয়াৰ কৰা আইচক্ৰিমৰ তিনিটা নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল । পৰীক্ষাৰ ফলাফলত দেখা গ’ল, তিনিওটা নমুনাতেই আছে কৰ’না ভাইৰাছ ।

এক সূত্ৰত জনোৱা মতে, উক্ত কোম্পানীয়ে আইচক্ৰিম প্ৰস্তুত কৰাৰ বাবে একাধিক দেশৰ পৰা আমদানি কৰা কেঁচামাল ব্যৱহাৰ কৰিছিল । নিউজিলেণ্ডৰ পৰা অনা হৈছিল গাখীৰৰ পাউদাৰ । ইয়াৰ উপৰি আন এবিধ কেঁচামাল আহিছিল ইউক্ৰেইনৰ পৰা । সেই কেঁচামালৰ মাধ্যমেৰেই বিদেশৰ পৰা কৰ’না ভাইৰাছ আইচক্ৰিমলৈ আহিব পাৰে কোম্পানীটোৱে ধাৰণা কৰিছে ।

এই খবৰ পোহৰলৈ অহাৰ লগে লগে আইচক্ৰিম কাৰখানাটোত কৰ্মৰত ১৬শ শ্ৰমিক-কৰ্মচাৰীক কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰা হয় । অৱশ্যে ইয়াৰ সাতশ কৰ্মচাৰী-শ্ৰমিকৰ পৰীক্ষাৰ ফলাফল নিগেটিভ আহিছে । বাকীসকলৰ ফলাফল এতিয়াও অহা নাই । একাংশ বিশেষজ্ঞই অৱশ্যে মন্তব্য কৰিছে যে ইয়াৰ বাবে চিন্তাৰ বিশেষ কাৰণ নাই । কোনো আক্ৰান্ত লোকৰ পৰাও এই ভাইৰাছ আইচক্ৰিমত সোমাব পাৰে ।

অৱশ্যে এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও খাদ্যবস্তুত কৰ’না সংক্ৰমণ ধৰা পৰিছে । একাধিক পেকেটজাত খাদ্য-সামগ্ৰীত কৰ’না ভাইৰাছৰ উপস্থিতিৰ সন্ধান পাইছিল বিজ্ঞানীয়ে ।

Exit mobile version