নগাঁৱত স্বাস্থ্য বিভাগত চাকৰি দিয়াৰ নামত প্ৰৱঞ্চনাৰ জাল

e6ffaa8d c3c8 498c 8a3a eedf6a5fa9b6

c4e03444 83a1 48ad 8b4c 4d14aa36659eনগাঁও আৰক্ষীৰ জালত পৰিল স্বাস্থ্য বিভাগৰ চাকৰিৰ নামত একাংশ নিবনুৱাৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰা এক প্ৰৱঞ্চকৰ দল নিজকে স্বাস্থ্য বিষয়া বুলি পৰিচয় দি নগাঁও জিলাৰ বিভিন্ন নিবনুৱাৰ পৰা অবাধে ধন সংগ্ৰহ কৰিছিল এই প্ৰৱঞ্চক চক্ৰটোৱে আৰক্ষীৰ জালত পৰা এই প্ৰৱঞ্চক কেইজন হৈছে ভবেশ কালিন্দী, শ্বহীদুল ইছলাম ওৰফে বাব্লু, বিক্ৰম কালিন্দী আৰু নছৰ ৱাহিদ।

নগাঁৱৰ চামগুৰি আৰু আমনিৰ এই চক্ৰটোৱে বিগত কিছুদিন ধৰি স্বাস্থ্য বিভাগত চাকৰি দিয়াৰ নামত বিভিন্নজনৰ পৰা ব্যাপক হাৰত ধন সংগ্ৰহ কৰি আহিছিল বুলি আৰক্ষী সূত্ৰই জনাইছে। অভিযোগ অনুসৰি, এই প্ৰৱঞ্চকৰ দলটোৱে শেহতীয়াকৈ নগাঁও জিলাৰ চামগুৰিৰ তৰুণ চন্দ্ৰ নাথ নামৰ এগৰাকী লোকৰ পৰাও স্বাস্থ্য বিভাগত চাকৰি দিয়াৰ নামত এক লাখ ৮২হেজাৰ টকা দাবী কৰিছিল ।

চৰকাৰী চাকৰিৰ মোহত পৰি যুৱক জনে প্ৰৱঞ্চক দলটোৰ জালত পৰি তেওঁ কেইবাটাও কিস্তিত প্ৰৱঞ্চকৰ দলটোক লক্ষাধিক টকা আদায় দিয়ে যদিও চাকৰিৰ কোনো উমঘাম নোপোৱাত সন্দেহ ওপজে। পাছত যুৱক জনে তেওঁক প্ৰৱঞ্চনা কৰা বুলি নিশ্চিত হোৱাৰ পাছত চাকৰিৰ নামত ধন সংগ্ৰহ কৰি প্ৰৱঞ্চনা কৰাৰ অভিযোগ তুলি ধৃত লোক কেইজনৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল।

নগাঁও আৰক্ষীয়ে সেই এজাহাৰৰ ভিৰ্তিত নগাঁও সদৰ আৰক্ষী থানাত ১০৪/২০২১নম্বৰত এক গোচৰ পঞ্জীভুক্ত কৰি তদন্ত আৰম্ভ কৰে। ইপিনে,কালি প্ৰৱঞ্চকৰ দলটোৱে নাথৰ পৰা অন্তিম কিস্তিৰ ধন নিবলৈ অহাৰ কথা জনায়।এই বিষয়ে ভুক্তভোগীয়ে নগাঁও আৰক্ষীক অৱগত কৰায়।সেই মৰ্মে কালি সন্ধিয়া নাথৰ ঘৰৰ পৰা টকা নিবলৈ আহোতেই নগাঁও নগৰ আৰক্ষীয়ে পুৰণিগুদাম আৰক্ষী চকীৰ আৰক্ষীৰ সহযোগত প্ৰৱঞ্চক দলটোৰ বিক্ৰম কালিন্দীক গ্ৰেপ্তাৰ কৰে।

তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে কালি নিশা আভিযান চলাই ভুৱা স্বাস্থ্য বিষয়া তথা প্ৰৱঞ্চকৰ দলটোৰ আন তিনি জন সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ জালত পৰা এই প্ৰৱঞ্চকৰ দলটোৰ দুজনৰ ঘৰ চামগুৰিৰ আমনিত আৰু আন দুজনৰ ঘৰ ৰূপহীত বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে।ইপিনে, ধৃত প্ৰৱঞ্চকৰ দলটোক আৰক্ষীয়ে মাৰাথান জেৰাৰ অন্তত আজি আদালতত হাজিৰ কৰোৱাত আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। আৰক্ষীৰ এই অভিযানৰ নেতৃত্ব দিছিল নগাঁও নগৰ আৰক্ষীৰ টি এছ আই কুন্দন ৰবি দাস আৰু পুৰণিগুদাম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই।

Exit mobile version