পৰকীয়া প্রেমৰ সন্দেহ : মহানগৰীত পত্নীক হত্যা কৰি কন্যাক লৈ পলাতক স্বামী

GettyImages 177417670 0

দিনটো কর্ম সম্পাদন কৰি সন্ধিয়া ঘৰলৈ উভতি অহাৰ সময়ত পত্নীয়ে ম’বাইলত ব্যস্ত হৈ থকাৰ পাছত সূত্রপাত হােৱা কন্দৰ ফলত ৰাজধানী মহানগৰীত স্বামীৰ হাতত প্রাণ গ’ল এগৰাকী দুবছৰীয়া কন্যা সন্তানৰ মাতৃৰ। যােৱা ১৫ জানুৱাৰীত ৰাছিদা বেগম (২৬) নামৰ মহিলাগৰাকীক ডিঙি চেপি হত্যা কৰি, দুটা বস্তাত ভৰাই কন্যাক লৈ স্বামী মইনুল হক পলায় যায় যদিও কালি সম্বিয়া হাতীগাঁও আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বীৰেন ডেকালৈ ফোন কৰি ঘটনাৰ সৱিশেষ বিৱৰণ দিয়াৰ পাছতে সমগ্র ঘটনা পোহৰলৈ আহে।

নিশা হাতীগাঁৱৰ লক্ষ্মীনাথ বেজবৰুৱা পথৰ (উপ-পথ চাৰি) ভাড়াঘৰত আৰক্ষীৰ দল উপস্থিত হৈ আজি পুৱা মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণােত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্রেৰণ কৰে। সমান্তৰালভাৱে মহিলাগৰাকীৰ পৰিয়ালৰ এজাহাৰ ভিত্তিত আৰক্ষীয়ে ৪৯/২০২১ নম্বৰত ভাৰতীয় দণ্ড বিধি ৩০২ ধাৰাত এক গােচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

উল্লেখ্য যে প্রথমে প্ৰেম আৰু চাৰি বছৰৰ পূর্বে দক্ষিণ শালমৰাৰ চট’ পাথৰকটাৰ মইনুল হক আৰু বৰপেটাৰ ভেৰালদিৰ ৰাছিদা বেগম বিবাহপাশত আবদ্ধ হৈছিল যদিও পৰিয়ালে গ্রহণ নকৰাত দুয়ােজনে হাতীগাঁৱস্থিত লক্ষ্মীনাথ বেজবৰুৱা পথৰ আব্দুল ৰ’ৰ ভাড়াঘৰত বসবাস কৰি আছিল। মহানগৰীত পানীৰ পাইপ মেৰামতি কৰি জীৱন নির্বাহ কৰা দম্পতীহালৰ জীৱনলৈ দুবছৰ পূর্বে এটি কন্যা সন্তানাে আহিছিল।

শেষত যােৱা ১৫ জানুৱাৰীত সংঘটিত কাজিয়াত স্বামীৰ হাতত পত্নীয়ে প্রাণ ত্যাগ কৰিবলগীয়া হয়। ঘটনা সন্দৰ্ভত ফোনযােগে আৰক্ষী আগত হত্যাকাৰী স্বামী মইনুল হকে সদৰী কৰা অনুসৰি, যােৱা ১৫ জানুৱাৰীত তেওঁ সন্ধিয়া সময় কামৰ পৰা ঘৰত উপস্থিত হােৱা সময়ত ফোনত কথা পাতি আছিল। সেই ফোন কলক কেন্দ্ৰ কৰি দুয়ােৰে মাজুত কাজিয়া সূত্রপাত হয় আৰু পত্নীয়ে শাক-পাছলি কটা বথিৰে তেওঁক মাৰিবলৈ খেদি আহে।

সেই সময়ত হকে পত্নীৰ ডিঙি চেপা মাৰি ধৰে আৰু কিছু সময়ৰ পাছত ৰাছিদা মৃত্যু হয়। ইয়াৰ পাছতে মৃতদেহটোৰ মূৰ আৰু ভৰি দুয়াে ফালৰ পৰা দুটা বস্তাত ভৰাই বিছনা তলত হৈ কন্যাক লৈ দুয়াে বৰপেটালৈ পলায় যায় বুলিও হত্যাকাৰী স্বামীয়ে আৰক্ষীৰ আগত প্রকাশ কৰিছে। উল্লেখ্য যে যােৱা সন্ধিয়া হত্যাকাৰী স্বামীয়ে আৰক্ষীক ঘটনাৰ খবৰ দি কন্যাক কৰবাত ৰাখি তেওঁ আত্মসমর্পন কৰাৰ কথা ব্যক্ত কৰে। ইফালে, আৰক্ষীয়ে স্বামীৰ ভাষ্য অনুসৰি পৰকীয়া প্রেমজনিত কাৰণতেই এই হত্যাকাণ্ড সংঘটিত হােৱা বুলি সন্দেহ ব্যক্ত কৰিছে যদিও প্রকৃততে ৰাছিদাই ফোনত কথা পাতিছিল নাই, কাৰ লগত পাতিছিল আৰু কেনেধৰণৰ সম্পৰ্ক আছিল তদন্তহে পােহৰলৈ আহিব বুলি সদৰী কৰিছে।

Exit mobile version