বাগসা আমছুৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন

967f6efd f137 499f 86d7 07d59ff1e693

সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ বাগসা জিলা সমিতিৰ সভাপতি ছাইফুল ইছলাম খানৰ সভাপতিত্বত বড়োলেণ্ড গেষ্ট হাউচ বেন্নিবাৰীত ১৭ জানুৱাৰীত এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়।সভাত জিলা সমিতিৰ সাধাৰণ সম্পাদক সাহাদত হুছেইনে সাংগঠনিক দিশৰ লগতে অন্যান্য বিষয়ৰ ওপৰত উদ্দেশ্য ব্যাখ্যা কৰে ৷

সভাখনৰ আৰম্ভণিতে জাতীয় আন্দোলনত শ্বহীদ হোৱা ব্যক্তিৰ লগতে এন. কে দৰঙা আঞ্চলিক সমিতিৰ মহিলা কোষৰ সভানেত্ৰী সমেলা খাতুনৰ স্বামী নাছিৰ উদ্দিন চাহাবৰ আকস্মিক মৃত্যুত গভীৰ শোক প্ৰকাশৰ লগতে পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰি শ্বহীদসকলক স্মৰণ কৰে ৷

উক্ত সভাৰ জৰিয়তে জিলা আমছুৰ মুখ্য উপদেষ্টা মইনুল হক খান, কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সদস্য আব্দুল ৰহিমৰ পৰামৰ্শ লৈ জিলা সমিতিৰ বিষয়ববীয়া, আঞ্চলিক সমিতিৰ সভাপতি,সাধাৰণ সম্পাদক আৰু অন্যান্য আমছু কৰ্মীৰ উপস্থিতিত আগন্তুক দিনৰ কাৰ্যপন্থা হাতত লোৱাৰ বাবে কে’বাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷

Exit mobile version