গণৰাজ্য দিৱসত অযােধ্যাত মছজিদ নিৰ্মাণ

Epus V9U8AAjia4 571 855

ধর্মীয় আচাৰ-অনুষ্ঠানৰ পৰিৱর্তে অযােধ্যাতু প্রস্তাৱিত মছজিদ নির্মাণ প্রকল্প সূচনাৰ বাবে বাছি লােৱা বৃক্ষৰােপণক। অর্থাৎ বৃক্ষৰােপণৰ মাধ্যমেৰেই মছজিদ নির্মাণকার্য আৰম্ভ কৰা হ’ব। ইয়াৰ বাবে নির্বাচন কৰা হৈছে ২৬ জানুৱাৰীৰ দিনটো। গণৰাজ্য দিৱসকে এই শুভকাৰ্যৰ বাবে বাছি লােৱা হৈছে ।সেয়ে বৃক্ষৰােপণৰ সমান্তৰালকৈ মছজিদ নির্মাণস্থলীতে জাতীয় পতাকা উত্তোলন কৰা হ’ব।

এই কথা সদৰী কৰিছে মছজিদ নির্মাণৰ দায়িত্বত থকা ইণ্ডো-ইছলামিক কালচাৰেল ফাউণ্ডেচন (আইআইচিএফ)-এ জলবায়ু পৰিৱর্তনৰ সন্দৰ্ভত সচেতনতা সৃষ্টি কৰাৰ বাবেই এনে সিদ্ধান্ত লােৱা বুলিও তেওঁলােকে জনাইছে।উল্লেখ্য যে অযােধ্যাত ৰাম মন্দিৰ নিৰ্মাণস্থলীৰ পৰা ২৫ কিলােমিটাৰ নিলগৰ ধান্নিপুৰত মছজিদটো নির্মাণ কৰা হ’ব। মছজিদ নির্মাণকার্যৰ তত্ত্বাৱধানত থকা আইআইচিএফৰ বিষয়ববীয়াসকলে কালি এক আলােচনাত মিলিত হয়।

ইয়াতেই সর্বসম্মতিক্রমে ২৬ জানুৱাৰীত মছজিদ নির্মাণৰ সূচনা কৰাৰ সিদ্ধান্ত লােৱা হয়।ইয়াৰ পাছতে আইআইচিএফৰ তৰফৰ পৰা বিজ্ঞপ্তি প্রকাশ কৰি জনােৱা হয় যে গণতন্ত্র দিৱসৰ পুৱা পতাকা উত্তোলনৰ পাছত পুৱা ন বজাত বৃক্ষৰােপণৰ মাধ্যমেৰে প্ৰকল্পৰ সূচনা কৰা হ’ব। বৈঠকত আয়কৰ ৰেহাই, বিদেশী অনুদান আদি বিষয়তাে আলােচনা হয়। বিজ্ঞপ্তিত কোৱা হৈছে, ‘অঞ্চলটো সেউজীয়াকৰণ কৰাই আমাৰ লক্ষ্য।

ইয়াৰ বাবে আমাজন বৰ্ষাৰণ্য, দাবানলত ভস্ম হােৱা অষ্ট্রেলিয়াৰ বিভিন্ন অঞ্চল আৰু বিশ্বৰ নানা দেশৰ পৰা গছপুলি আনি ৰােপণ কৰা হ’ব, যাতে জলবায়ু পৰিৱৰ্তন সন্দৰ্ভত সাধাৰণ মানুহৰ মাজত সচেতনতা বৃদ্ধি কৰিব পৰা যায়। উল্লেখ্য যে হাস্পতাল, যাদুঘৰ, গ্রন্থাগাৰ, বাগিচা, সামূহিক ৰন্ধনশালা, ইণ্ডো-ইছলামিক কালচাৰেল ৰিছাৰ্চ চেণ্টাৰ আৰু প্ৰকাশন সংস্থাসহ মছজিদ চৌহদৰ এখন নক্সাক ইতিমধ্যে অযােধ্যা জিলা প্রশাসনে অনুমােদন জনাইছে।

ভূমি পৰীক্ষা কৰি নির্মাণকার্য আৰম্ভ কৰাৰ অনুমােদন বাবে শীঘ্ৰে আবেদন জনােৱা হ’ব। মন কৰিবলগীয়া যে উচ্চতম ন্যায়ালয়ে অযােধ্যাৰ বিতর্কিত ভূমিত ৰাম মন্দিৰ নিৰ্মাণৰ ৰায় দিয়াৰ লগতে কিছু নিলগত মছজিদ নির্মাণৰ বাবে পাঁচ একৰ ভূমি আবণ্টনৰ নির্দেশ দিছিল।

Exit mobile version