কাছাৰ জিলাৰ শিলচৰ চিকিৎসা মহাবিদ্যালয়ত সংৰক্ষিত ক’ভিড-১৯ৰ এহেজাৰ পালি প্ৰতিষেধক গোট মাৰি ব্যৱহাৰৰ অনুপযোগী হৈ পৰাৰ ঘটনাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষই জবাবদিহি কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে । এশটা সৰু সৰু বটলত থকা এহেজাৰ পালি ক’ভিশ্বিল্ড গোট মৰাত শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল কৰ্তৃপক্ষই ইয়াৰ কাৰণ বিচাৰি জাননী প্ৰেৰণ কৰা হৈছে ।
অভিযোগ অনুসৰি যথোপযুক্তভাৱে এই প্ৰতিষেধক সংৰক্ষণ কৰা হোৱা নাছিল । অৱশ্যে স্বাস্থ্য বিভাগে কয় যে প্ৰতিষেধক ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে বুলি এতিয়াই ক’ব পৰা নাযায় । এই সন্দৰ্ভত পৰীক্ষাগাৰৰ প্ৰতিবেদনৰ পাছতহে নিশ্চিতভাৱে ক’ব পৰা যাব । ঘটনাটো যোৱা শনিবাৰে অৰ্থাৎ প্ৰতিষেধক প্ৰদানৰ প্ৰথম দিনটোতে সংঘটিত হৈছিল । ইয়াৰ প্ৰস্তুতকৰ্তা ছেৰাম ইনষ্টিটিউটৰ গাইডলাইন অনুযায়ী দুইৰ পৰা আঠ ডিগ্ৰী ছেলছিয়াছ তাপমাত্ৰাত ইয়াৰ সংৰক্ষণ কৰিব লাগিব ।
ইপিনে স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি বিহপুৰীয়াত সাংবাদিকক এই সন্দৰ্ভত তদন্ত ঘোষণা কৰা বুলি সদৰী কৰে । তদুপৰি তেওঁ সংৰক্ষণৰ উপযুক্ত ব্যৱস্থা অথবা পৰীক্ষণৰ অভাৱতে এনে হ’ব পাৰে বুলি সন্দেহ ব্যক্ত কৰি তদন্তকাৰী দলৰ প্ৰতিবেদনৰ ভিত্তিত উপযুক্ত ব্যৱস্থা ল’ব বুলি কয় । আনকি কোনো লোকে যদি ইচ্ছাকৃতভাৱে প্ৰতিষেধক নষ্ট কৰিছে তেনেহ’লে স্বাস্থ্য বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও মন্ত্ৰী শৰ্মাই ব্যক্ত কৰে ।
সূত্ৰত প্ৰকাশ যে, যান্ত্ৰিক বিজুতিৰ বাবে তাপমাত্ৰাৰ হেৰফেৰ হোৱাৰ ফলতে এই প্ৰতিষেধকখিনি বৰফলৈ ৰূপান্তৰিত হয় । কাছাৰৰ জিলা প্ৰতিষেধক বিষয়া অৰুণ দেৱনাথে জনোৱা মতে, যোৱা ১৬ জানুৱাৰীত এই ঘটনা পোহৰলৈ আহিছিল । তেওঁ কয়, ‘আমি দেখিলো যে ক’ভিশ্বিল্ডৰ এশটা বটল অৰ্থাৎ এহেজাৰ পালি প্ৰতিষেধক আংশিকভাৱে গোট মাৰিছে । শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ ইনলাইনিং ৰেফ্ৰিজাৰেটৰত এইসমূহ সংৰক্ষণ কৰা আছিল । সাধাৰণতে প্ৰতিষেধক ২-৮ ডিগ্ৰী ছেলছিয়াছলৈ নামি গৈছিল । যাৰ বাবে প্ৰতিষেধকসমূহ আংশিকভাৱে গোট মাৰে ।’
তেওঁ কয় যে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমৰ প্ৰবন্ধক সঞ্চালকে ঘটনাৰ তদন্ত বিচাৰি শিলচৰ অসামৰিক চিকিৎসালয়ৰ স্বাস্থ্য বিষয়া তথা অতিৰিক্ত মুখ্য চিকিৎসা বিষয়া পি কে ৰয়কে ধৰি আন একাংশ বিষয়ালৈ জাননী প্ৰেৰণ কৰিছে । এই বিষয়াসকল প্ৰতিষেধকৰ যতনৰ বাবে দায়বদ্ধ আছিল ।
সূত্ৰত প্ৰকাশ যে ঘটনা সংঘটিত হোৱাৰ লগে লগে শিলচৰ অসামৰিক চিকিৎসা মহাবিদ্যালয়ত এক বৈঠক অনুষ্ঠিত হয় । বৈঠকত প্ৰতিষেধকৰ দায়িত্বত থকা স্বাস্থ্যকৰ্মী আৰু কাৰিকৰী কৰ্মীক অতিৰিক্ত জিলা উপায়ুক্তই ধমক দিয়ে । ইপিনে, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ সঞ্চালক এছ লক্ষ্মণনে কয় যে বিষয়টোৰ বিতং তদন্ত কৰা হ’ব তথা প্ৰয়োজনীয় কাৰ্যব্যৱস্থা লোৱা হ’ব ।