মুৰফুলনিত যোগান বিভাগৰ অভিযান

WhatsApp Image 2021 01 22 at 2.12.03 PM

গোলাঘাট জিলাৰ মৰঙি মৌজাৰ অন্তৰ্গত মুৰফুলনিত যোগান বিভাগে অভিযান চলাই ৮৫ টাকৈ অবৈধ ৰন্ধন গেছৰ ছিলিণ্ডাৰ জব্দ কৰা ঘটনাই বিভিন্ন মহলৰ চকু কপালত তুলিছে।

ADVERTISEMENT

অনুজ্ঞাপত্ৰ নথকা লোকে ৰন্ধন গেছৰ ছিলিণ্ডাৰ মজুত ৰখা বা ব্যৱসায় কৰা বিষয়টো সম্পূৰ্ণ অবৈধ হৈ পৰে যদিও সম্প্ৰতি তেনে ব্যৱসায়িয়ে অত্যাধিক মূল্যত ছিলিণ্ডাৰ বিক্ৰী কৰি ৰাইজক হাৰাশাস্তি কৰিছে । লগতে বৈধ অনুজ্ঞাপত্ৰ লৈ ব্যৱসায় কৰি থকা ব্যৱসায়ীসকলকো মাধমাৰ শোধাই আহিছে।

এনে পৰিপ্ৰেক্ষিতত এক গোপন সূত্ৰৰ পম খেদি মুৰফুলনিৰ তিনি ঠাইত যোগান বিভাগে অভিযান চলাই খালী-ভৰ্তি মিলাই মুঠ ৮৫ টা ছিলিণ্ডাৰ জব্দ কৰিবলৈ সক্ষম হয়।

Exit mobile version