দক্ষিণ আফ্ৰিকাতো উপলব্ধ হ’ব ক’ভিশ্বিল্ড প্ৰতিষেধক

covishield afp 941070 1611134704 1

দক্ষিণ আফ্ৰিকাত প্ৰতিষেধক সৰবৰাহ কৰিবলৈ অনুমোদন পত্ৰ লাভ কৰিলে ছেৰাম ইনষ্টিটিউটে । কালি অনুমোদন পত্ৰ প্ৰদান কৰিছে আফ্ৰিকাৰ ড্ৰাগ নিয়ন্ত্ৰক সংস্থাই ।

জানুৱাৰীৰ অন্তত ক’ভিশ্বিল্ডৰ ১০ লাখ ড’জ আৰু ফেব্ৰুৱাৰীত পাঁচ লাখ ড’জ দক্ষিণ আফ্ৰিকাত সৰবৰাহ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । আফ্ৰিকাৰ স্বাস্থ্যমন্ত্ৰী আশাপ্ৰদ যে অতি শীঘ্ৰেই তেওঁলোকৰ হাতত প্ৰতিষেধক উপলব্ধ হ’ব ।

চলিত বৰ্ষৰ আৰম্ভণিতে ক’ভিশ্বিল্ড প্ৰতিষেধক বাণিজ্যিক সৰবৰাহৰ বাবে অনুমতি দিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । অনুমোদন পত্ৰ লাভ কৰাৰ পাছতে ব্ৰাজিল আৰু মৰক্কোত প্ৰতিষেধক সৰবৰাহ কৰিছে ছেৰাম ইনষ্টিটিউটে । এইবাৰ সেই তালিকাত দক্ষিণ আফ্ৰিকাৰো নাম অন্তৰ্ভুক্ত হ’ল ।

সম্প্ৰতি দক্ষিণ আফ্ৰিকাত কৰ’নাৰ দ্বিতীয় পৰ্যায় আৰম্ভ হৈছে । লগতে কৰ’নাৰ আন এক নতুন প্ৰজাতিৰো সৃষ্টি হৈছে । এই প্ৰজাতিৰ লক্ষণ চকু ৰঙা পৰা । সেয়ে কৰ’নাৰ দুটা অৱতাৰক নিয়ন্ত্ৰণ কৰিবলৈ দ্ৰুত টিকাকৰণ কাৰ্যসূচীৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে দক্ষিণ আফ্ৰিকা চৰকাৰে । দক্ষিণ আফ্ৰিকাৰ স্বাস্থ্য মন্ত্ৰণালয়ে দিয়া তথ্য অনুসৰি, প্ৰথম পৰ্যায়ত সকলো স্বাস্থ্যকৰ্মীকে এই প্ৰতিষেধক প্ৰদান কৰা হ’ব । পৰৱৰ্তী পৰ্যায়ত সাধাৰণ লোকক প্ৰতিষেধক প্ৰদান কৰা হ’ব ।

স্বাস্থ্যমন্ত্ৰী জ’য়েল খিজে কয়, ‘সামগ্ৰিক পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰখা হৈছে । আমি আশ্বাস দিছো এই পৰিস্থিতি অতি শীঘ্ৰে নিয়ন্ত্ৰণত আহিব । সমগ্ৰ দেশতে টিকাকৰণ কাৰ্যসূচী সুচাৰুৰূপে কৰিবলৈও চেষ্টা কৰিছো আমি ।’

দক্ষিণ আফ্ৰিকাত প্ৰায় ১৪ লাখ লোক কৰ’নাত আক্ৰান্ত হৈছে । ৪০ হেজাৰৰো অধিক লোকে কৰ’নাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ।

Exit mobile version