ব্ৰাজিলত বিমান দুৰ্ঘটনাগ্ৰস্তঃ চাৰি জন ব্ৰাজিল ফুটবলাৰৰ মৃত্যু

brazilcrash 1611536083

ক’ৰনা ভাইৰাছ পজিটিভ অহাৰ বাবে দলৰ পৰা পৃথকে ভ্ৰমণ কৰি থকা ব্ৰাজিল ফুটবল ক্লাবৰ পালমাছৰ চাৰিজন ফুটবলাৰৰ বিমান দুৰ্ঘটনাত মৃত্যু ঘটে। দুৰ্ঘটনাত পালমাছ ক্লাবৰ সভাপতি আৰু পাইলটজনৰো মৃত্যু ঘটে।তথ্য অনুসৰি ক্লাবটোৰ খেলুৱৈসকলে এখন খেলত ভাগ লবলৈ গোয়নিয়ালৈ যাত্ৰা কৰিছিল ।

ক্লাবৰ প্ৰবক্তা ইজাবেলা মাৰ্টিন্সে কয় যে খেলুৱৈসকলৰ দেহত কভিড-১৯ পজিটিভ পোৱা গৈছিল কাৰণে তেওঁলোকৰ ব্যক্তিগত বিমানত যাত্ৰা কৰিছিল।মৃত খেলুৱৈ কেইজন ভিতৰত আছে ক্লাবৰ সভাপতি লুকাচ মীৰা আৰু খেলুৱৈ লুকাছ প্ৰক্সাডেছ, গুলেৰ্মে নং, ৰাণুলে আৰু মাৰ্কাচ মোলিনৰি।

Exit mobile version