দৰঙৰ পথৰুঘাট হিন্দু মুচলমানৰ সমন্বয়ৰ পীঠস্হান :সাহিত্যিক থানেশ্বৰ মালাকাৰ

45eae077 a986 4beb 89f2 2a7d8aaa2cee

দৰঙৰ ঐতিহাসিক পথৰুঘাট ৰণ হৈছে হিন্দু মুচলমান সমন্বয়ৰ পীঠস্হান । ১৯৯৪ চনতে বৃটিছ শোষন বঞ্চনাৰ প্ৰতিবাদ কৰিবলৈ গৈ একেলগে ১৪০ জন হিন্দু মুচলমান কৃষক শ্বহীদ হৈছিল।এয়া আছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰথম কৃষক আন্দোলন ।এই মন্তব্য বিশিষ্ট সাহিত্যিক থানেশ্বৰ মালাকাৰৰ ।আজি মঙলদৈ প্ৰেছ ক্লাবত পথৰুঘাট নাগৰিক সমাজ , সদৌ দৰং জিলা ছাত্র সন্হা আৰু দৰং জিলা বাৰ্তাজীবী সংঘৰ উদোগত অনুস্থিত পথৰুঘাট ৰণ আৰু ঐতিহাসিক গুৰুত্ব শীৰ্ষক আলোচনা চক্ৰত আলোচক হিচাপে অংশগ্ৰহণ কৰি মালাকাৰে পথৰুঘাট ৰন কোনো নেতাৰ নেতৃত্বত হোৱা আন্দোলন নাছিল বুলি কৈ ই কৃষক সকলৰ এক স্বতফুৰ্ত আন্দোলন বুলি কয় ।ইয়াৰ সমাধিক্ষেত্ৰ পৰ্যটন ক্ষেত্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ তেওঁ চৰকাৰক আহ্বান জনায়।

ৰাজ্যিক আৰু ৰাষ্ট্রীয় টুৰিষ্ট মেপত অন্তৰ্ভুক্ত কৰিব লাগে বুলিও সাহিত্যিক মালাকাৰে মন্তব্য আগবঢ়াই । সাংবাদিক মুকুট ৰাজ শৰ্মা আৰু দৰং জিলা ছাত্র সন্হাৰ সভাপতি পৰাগ চহৰীয়াই আত ধৰা আৰু কৃতি শিক্ষক কুলেন্দ্র নাথ ডেকাৰ সঞ্চালনাত অনুস্থিত আলোচনা চক্ৰখন উদ্বোধন কৰি দৰং জিলা উপায়ুক্ত দীলিপ কুমাৰ বৰাই শেহতীয়া ভাবে ১০ কৌটি টকাৰে নিমিয়মান পথৰুঘাট কৃষক বাকৰিৰ উন্নয়ন আৰু কৃষক প্ৰশিক্ষণ কেন্দ্ৰৰ বিষয়ে উল্লেখ কৰে ।সভাত আছুৰ সহকাৰী সম্পাদক উৎপল শৰ্মাই ঐতিহাসিক পথৰুঘাট ৰণৰে ৰঞ্জিত অসমৰ কৃষক সকলে আজিও চৰকাৰী বঞ্চনাৰ সন্মুখীন হৈ অহাৰ অভিযোগ কৰে । তেও কয় ১৯৯৪ চনত কৃষক বঞ্চনা হোৱাৰ দৰে এতিয়াও কৃষকসকল শোষণ আৰু বঞ্চনাৰ সন্মুখীন হৈ আহিছে ।

সভাত কটন মহাবিদ্যালয়ৰ অবসৰী অধ্যাপক বলিন্দ কুমাৰ শৰ্মাৰ নিয়াৰিত পিতা পোৰা সোন নামৰ গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সাহিত্যিক ডা অমৰেন্দ নাৰায়ণ দেবে । গ্ৰন্থ উন্মোচন কাৰ্যসূচীত সহযোগ কৰে দৰং জিলা বাৰ্তাজীবী সংঘৰ সম্পাদক লক্ষী নন্দন কলিতাই ।আলোচনা চক্ৰত আছুৰ বিত্তীয় সম্পাদক খনিন্দ ৰাজবংশী , অসম বাৰ্তাজীবী সংঘৰ সভাপতি কেশব কলিতা , উপসভাপতি জগদীশ পাটগিৰি , আপকুৰ সভাপতি আব্দুল খালেক , অসম মুক্ত সাংবাদিক সন্হাৰ সভাপতি কুমুদ ডেকা , যুব ছাত্র পৰিষদৰ উপ সভাপতি ভবেশ কাকতি,মঙলদৈ প্ৰেছ ক্লাবৰ উপসভাপতি আচাদ আলি ,আপকুৰ দৰং জিলা সমিতিৰ সম্পাদক মকছেদ আলিয়ে বক্তব্য আগবঢ়াই ।

সভাত দুই আদৰ্শ খেতিয়ক নুৰুল হক আৰু ধ্ৰুৱ শইকীয়াক সম্বৰ্ধনা জনোৱাৰ লগতে পথৰুঘাট ৰনৰ প্ৰচাৰ আৰু প্ৰসাৰত আগভাগ লোৱা তিনিজন বিশিষ্ট সাংবাদিকক সম্বৰ্ধনা জনোৱা হয় । জিলা আছুৰ সম্পাদক সত্য ৰঞ্জন ডেকাই পৰিচালনা কৰা সম্বৰ্ধনা অনুষ্ঠানত অসমীয়া খবৰৰ মঙলদৈৰ সাংবাদিক মদন বৰুৱাক গামোচা আৰু মানপ্ৰত্ৰৰে সম্বৰ্ধনা জনোৱা হয় । আনহাতে পাথৰুঘাটক অঞ্চলৰ বিশিষ্ট সাংবাদিক অখিল ৰঞ্জন ভট্ৰ আৰু অনিল ভূঞাকো তিনিওটা সংগঠনে সম্বৰ্ধনা জনায় ।

Exit mobile version