যোৱা ২৫ জানুৱাৰীত বিটিআৰ সচিব ডিডি বড়োই জাৰী কৰা ট্ৰাইবেল বেল্ট ব্লকত উচ্ছেদৰ নিৰ্দেশনা । বিটিআৰ ধৰ্মীয় সংখ্যালঘু পৰিষদদে আজি অনুষ্ঠিত কৰে এখন সংবাদ মেল।উক্ত নিৰ্দেশনাক লৈ সংবাদ মেলত বিটিআৰ ধৰ্মীয় সংখ্যালঘু পৰিষদৰ সভাপতি আব্দুল আওৱাল মণ্ডলে প্ৰতিক্ৰীয়া প্ৰকাশ কৰি কয় যে বিটিচি নিৰ্ব্বাচনৰ পিছে পিছে আৰু অসম বিধান সভা নিৰ্ব্বাচনৰ আগে আগে এই নিৰ্দেশনাৰ জড়িয়তে ৰাজনীতি কৰিব বিচাৰিছে নেকি ইউপিপিএল দল আৰু বিটিআৰ প্ৰশাসনে।
লগতে তেওঁৰ মন্তব্য বিটিচি চুক্তিত উল্লেখ আছে ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীৰ পৰা বসবাস কৰা সকলো লোকে বিটিচিত ভুমিৰ পৰা আৰম্ভ কৰি সকলো অধিকাৰ লাভ কৰিব সকলো জাতী জনগোষ্ঠীৰ লোকে। গণ সুৰক্ষা পাৰ্টি আৰু ইউপিপিএল দলে বিটিচিৰ নিৰ্ব্বাচনি ইস্তাহাৰত প্ৰকাশ কৰা ধৰণে বিটিচিৰ লোক সকল যিয়ে যত বসবাস কৰি আছে তাক তাতেই ভুমিপাট্টা বা ছেটেলমেন্টৰ জড়িয়তে থকাৰ সুবিধা কৰিব লাগে।
বিটিচি চুক্তিক ভেঙুচালি কৰি উচ্ছেদ কৰিলে আন্দোলন কাৰ্যসূচী হাতত লোৱাৰ কথাও জনায় সভাপতিজনে। এই আন্দদোলনৰ সময়ত যদি কোনো আইন শৃঙ্খলাৰ পৰিস্থিতিৰ সৃষ্টি হলে তাৰ বাবে বিটিআৰ প্ৰশাসন দায়ী হব বুলিও কয় সভাপতি আব্দুল আওৱালে। এই নিৰ্দেশনাৰ জড়িয়তে অবড়ো লোকক ভয় ভিতীৰে বিধান সভা নিৰ্বাচনত ভোট লোৱাৰ চেষ্টা কৰিছে বুলিও দাবী কৰে সভাপতিজনে । এই ঘটনাক তিব্ৰ গৰিহণা জনায় ধৰ্মীয় সংখ্যা লঘু পৰিষদে। যিহেতু দীৰ্ঘদিনৰ পৰাই অসমত কোনো জৰিপ কৰা নাই। এনে অৱস্থাত ১৯৪৮ চনত গঠিত ট্ৰাইবেল বেল্ট ব্লক আৰু আজিৰ ভৌগলিক পাৰ্থক্য আছে।
গতিকে ভূমিৰ অধিকাৰ মৌলিক অধিকাৰ বুলিও কয় । নিৰ্ব্বাচনৰ প্ৰাক খনত এয়া সম্পূৰ্ণ ৰাজনৈতিক ষৰযন্ত্ৰ বুলিও কয় সভাপতিজনে। অতিশীঘ্ৰেই এই নিৰ্দেশনা স্থগিত কৰি বিটিআৰৰ সকলো জাতি জনগোষ্টীৰ ভুমিৰ অধিকাৰ প্ৰদান কৰি শান্তি শৃঙ্খলা ৰক্ষাৰ আহ্বান জনায় সংবাদ মেলত। উক্ত সংবাদ মেলত উপস্থিত থাকে ধৰ্মীয় সংখ্যালঘু পৰিষদৰ সভাপতি আব্দুল আৱাল মন্ডল, সম্পাদক আইনাল হক, কোষাধ্যক্ষ আতোৱাৰ ৰহমান লগতে চিৰাং জিলা সম্পাদক আব্দুছ ছাত্তাৰ আহমেদ।