প্ৰতিবাদী লাইকা দধীয়াবাসীৰ কাষত উপস্থিত মন্ত্ৰী যোগেন মহন

Screenshot 191

সূদীৰ্ঘ এমাহ ধৰি পুনৰ সংস্থাপনৰ দাবীৰে তিনিচুকীয়াৰ জানমুখত প্ৰতিবাদ সাব্যস্ত কৰি থকা লাইকা দধীয়াবাসীৰ কাষত ৰাজ্য চৰকাৰৰ মন্ত্ৰী যোগেন মহন, বিধায়ক ৰনোজ পেগু আৰু বিনোদ হাজৰিকা উপস্থিত হোৱাৰ পাছতে তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হয় সজাতি দলটোৱে ।

ADVERTISEMENT

ইফালে প্ৰতিবাদী ৰাইজৰ বুজ লোৱাৰ পাছত তিনিচুকীয়াৰ আৱৰ্ত ভৱনত এক সংবাদমেল আয়োজন কৰে মন্ত্ৰী যোগেন মহনে ।

সংবাদমেলত অতিশীঘ্ৰে লাইকা দধীয়াবাসীক তিনিচুকীয়াৰ জাগুনৰ পাহাৰপুৰ আৰু নামফাই অঞ্চলত সংস্থাপন দিয়াৰ কথা ঘোষণা কৰে মন্ত্ৰী মহনে ।

Exit mobile version