কাকীত আছুৰ তিনিটাকৈ উন্মোচনী অনুষ্ঠান

WhatsApp Image 2021 01 29 at 6.23.17 PM

হোজাই জিলাৰ কাকীত আজি আছুৰ ব্যৱস্থাপনাত নিৰ্মিত তিনিটাকৈ উন্মোচনী কাৰ্যসূচী ৰূপায়িত হয় । সদৌ হোজাই জিলা ছাত্ৰ সন্থা আৰু কাকী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত জাতীয় শ্বহীদৰ স্মৃতি যুগমীয়া কৰিবলৈ নিৰ্মাণ কৰি উলিওৱা শ্বহীদ বেদী, সুধাকন্ঠ ড° ভূপেন হাজৰীকাৰ আৱক্ষ মূৰ্তিৰ লগতে বৌদ্ধিক বিকাশৰ বাবে আছু বুক বেংক ও এটি ছাত্ৰ পুথিভঁৰাল আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় ।

সদৌ অসম ছাত্ৰ সন্থাই গ্ৰহণ কৰা প্ৰচেষ্টাৰ অংশস্বৰূপে ১নং কাকীস্থিত কাকী আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয় চৌহদত নিৰ্মিত উক্ত তিনিওটা অনুষ্ঠান আনুষ্ঠানিকভাৱে উন্মোচন কৰে ক্ৰমে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, নেচ’ৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্ৰাচাৰ্য আৰু শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱাই ।

উল্লেখ্য যে, উন্মোচনী অনুষ্ঠানটোৰ লগত সংগতি ৰাখি হোজাই জিলা ছাত্ৰ সন্থাৰ সভাপতি দেৱজিৎ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হয় এখনি মুকলি সভা । মুকলি সভাখনত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি উন্মোচক ড° সমুজ্জল কুমাৰ ভট্ৰাচাৰ্যই ড° ভূপেন হাজৰীকাৰ দৰে প্ৰবাদ পুৰুষজনৰ আৱক্ষ মূৰ্তি উন্মোচকৰ দায়িত্ব পালন কৰি নিজকে সৌভাগ্যৱান বুলি মন্তব্য কৰে ।

তেওঁ লগতে ভূপেন হাজৰিকাৰ আৰ্দশৰে এক হৈ আগুৱাই যোৱাৰ বাবে ঐক্যবদ্ধ হোৱাৰ অংগীকাৰ ল’বলৈ আহ্বান জনাই ধৰ্ম-জাত-পাতৰ নামত বিভাজন চলাই থকা অপশক্তিক পৰাভূত কৰি জাতীয় জীৱন সমৃদ্ধিশালীৰে আগুৱাই যাব লাগিব বুলি মন্তব্য কৰে ।

ইপিনে, নিৰ্দিষ্ট বক্তা হিচাপে বক্তব্য প্ৰদান কৰি আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই অসম আন্দোলনৰ বীৰ শ্বহীদসকলক সোঁৱৰণ কৰিবৰ বাবে সংগঠনটোৱে সদায়ে কাম কৰি আহিচে বুলি কয় । তেওঁ লগতে বীৰ শ্বহীদসকলে নিজৰ আত্মত্যাগৰ জৰিয়তে অসমীয়া জাতিটোক সুস্থ পৰিৱেশত জীয়াই থকাৰ অধিকাৰ দি গৈছিল । যাৰ বাবে ভাষা, সংস্কৃতি আৰু ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰি স্বাভিমানী অসমীয়া জাতি হিচাপে প্ৰতিষ্ঠিত হ’বলৈ সক্ষমতা প্ৰদান কৰিচে বুলি মন্তব্য কৰে ।

Exit mobile version