লাখটকীয়া চাকৰিৰ মোহ এৰি সন্ন্যাস যুৱতীৰ

jpg 3

মুম্বাইৰ বিখ্যাত নৰিমেন পইণ্টৰ এখন ফাৰ্মত বছৰী ১৫ লাখ টকীয়া চাকৰি । অৰ্থাৎ মাহিলী লাভ কৰে লক্ষাধিক টকাৰ দৰমহা । কিন্তু ইমান শকত অংকৰ চাকৰিৰ মায়া ত্যাগ কৰিলে এগৰাকী যুৱতী চাৰ্টাৰ্ড একাউণ্টেটে । এই সকলোবোৰ মায়া-মোহ ত্যাগ কৰি যুৱতীগৰাকী এতিয়া হৈ পৰিছে জৈন সন্ন্যাসী ।

সংসাৰৰ মায়াৰ লগতে পুৰণি বিলাসবহুল জীৱন ত্যাগ কৰি ইতিমধ্যে জৈন ধৰ্মত দীক্ষা লৈ সাধু-সন্ন্যাসীৰ দৰে জীৱন-যাপন আৰম্ভ কৰিছে মুম্বাইৰ ৩১ বছৰীয়া পায়েল শ্বাহে । জৈন ধৰ্মৰ প্ৰতি আকৰ্ষিত হোৱাৰ পাছৰ পৰাই যুৱতীগৰাকী নিজৰ সিদ্ধান্তত অবিচল হৈ আছিল ।

গুজৰাটী লোক হ’লেও পায়েল আৰু তেওঁৰ পৰিয়ালে দীৰ্ঘদিনৰ পৰাই মুম্বাইত বাস কৰে । তেওঁৰ পিতৃ এজন‌ ব্যৱসায়ী । জ্যেষ্ঠ ভগ্নীয়ে এমবিএ কৰাৰ পাছত এখন ফাৰ্মৰ চাকৰিত সোমায় । পায়েলেও চাৰ্কাৰ্ড একাউণ্টেটৰ শিক্ষা গ্ৰহণ কৰি ২০১৪ ৰ পৰা আন এটা কোম্পানীত কৰ্মৰত হৈ আছিল ।

যোৱা বছৰ নিজৰ বাসগৃহৰ সমীপতে থকা একাংশ জৈন সন্ন্যাসিনীৰ স’তে পায়েলৰ পৰিচয় হয় । তেওঁলোকৰ স’তে ক্ৰমাত ঘনিষ্ঠতা বৃদ্ধি পায় আৰু জৈন সন্ন্যাসিনীসকলৰ সান্নিধ্যত থাকিয়েই তেওঁৰো জৈন ধৰ্মৰ প্ৰতি আকৰ্ষণ বাঢ়িবলৈ ধৰে । প্ৰায় এটা বছৰ তেওঁলোকৰ সংস্পৰ্শত থকাৰ পাছত পায়েলৰ মনোভাৱো সলনি হ’বলৈ ধৰে । অৱশেষত পায়েলে জৈন ধৰ্মত দীক্ষিত হোৱাৰ সিদ্ধান্তই গ্ৰহণ কৰে ।

পায়েল হৈছে পৰিয়ালটোৰ প্ৰথম সদস্য, যি জৈন ধৰ্মত দীক্ষিত হৈছে । তথাপি পৰিয়ালৰ তৰফৰ পৰা তেওঁক এই কাৰ্যত কোনো বাধা প্ৰদান বা আপত্তি দৰ্শোৱা নাছিল । অৱশ্যে পায়েলে চাকৰি কৰা কোম্পানীটোৱে তেওঁক কাম নেৰিবলৈ অনেক অনুৰোধ জনাইছিল । আনকি তেওঁৰ দৰমহা অধিক বৃদ্ধি কৰাৰো প্ৰস্তাৱ দিছিল । কিন্তু পায়েল আছিল নিজৰ সিদ্ধান্তত অটল ।

ইতিমধ্যেই তেওঁ উক্ত চাকৰি ত্যাগ কৰি জৈন ধৰ্মত দীক্ষিত হৈছে । এতিয়াৰ পৰা তেওঁ আন জৈন সন্ন্যাসিনীসকলৰ দৰেই কঠোৰ জীৱন অতিবাহিত কৰিব । সচৰাচৰ এই ধৰণৰ সিদ্ধান্ত লোৱা লোকৰ উদাহৰণ আজিৰ দিনত পোৱা নাযায় । সেয়ে পায়েলৰ এই কাহিনীয়ে বহুতকে আচৰিত কৰি তুলিছে ।

Exit mobile version