এগৰাকী কণমাণি বাঁহী বাদক যাৰ বাঁহীৰ মূৰ্ছনাৰে খলকনি সৃষ্টি কৰিছে ছ’চিয়েল মেডিয়াত

Screenshot 196

এগৰাকী পঞ্চম শ্রেণীৰ ছাত্ৰ । নাম নৱজ্যোতি লস্কৰ ৷জুলি লস্কৰ আৰু প্ৰভাত চন্দ্ৰ লস্কৰৰ একমাত্র পুত্র নৱজ্যোতি লস্কৰ ৷ ধিঙৰ আউনীআটী সত্ৰতে ডাঙৰ হৈছিল পিতৃ প্ৰভাত লস্কৰ । পঞ্চম শ্ৰেণীত পঢ়ি থকা নৱজ্যোতিয়ে শিশু কালত খেল ধেমালিৰ পৰিবৰ্তে হাতত তুলি ললে বাঁহী।

কোনো আনুষ্ঠানিক শিক্ষা নোলোৱাকৈ তিনি বছৰ বয়সৰ পৰাই বাঁহী বাদন কৰি সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে কণমানি নৱজ্যোতিৰ বাঁহী বাদনে চ’চিয়েল মেডিয়াত খলকনিৰ সৃষ্টি কৰিছে । খলকনি সৃষ্টি কৰাৰ পিছতেই বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত আমন্ত্রিতও হৈছে।

প্ৰতিটো সাংস্কৃতিক অনুষ্ঠানতে বাঁহী বাদনেৰে ৰাইজৰ প্ৰসংশা বুটলিবলৈও সক্ষম হৈছে কণমানি নৱজ্যোতিয়ে । সদ্য সমাপ্ত শংকৰদেৱ মহোৎসৱৰ আউনীআটী শাখা সত্ৰত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত ভক্তি মুলক গীতত বাঁহী বাদন কৰি মোহাচ্ছন্ন কৰি তুলে সকলোকে ।

অতি দৰিদ্ৰ পৰিয়ালৰ এই শিশুটিৰ বৰ্তমান প্ৰয়োজন বাঁহীৰ আনুষ্ঠানিক শিক্ষাৰ । উলাই আহিবনে কোনোৱা ব্যক্তিৰ লগতে দল সংগঠন ? যদি কোনো ব্যক্তিয়ে এই গৰাকী কণমানিক বাঁহীৰ আনুষ্ঠানিক প্ৰশিক্ষণৰ ব্যৱস্থা কৰে তেন্তে ভবিষ্যতে যে এই গৰাকী কণমানিয়ে বাঁহী বাদনেৰে জগত জিনিবলৈ সক্ষম হব সেইয়া কোনো সন্দেহ নাই ।

Exit mobile version