অক্সফ’ৰ্ডৰ বর্ষশ্রেষ্ঠ হিন্দী শব্দ মােদীৰ ‘আত্মনিৰ্ভৰতা’

modijpg

অতিমাৰী পৰিস্থিতিত দেশবাসীক ‘আত্মনিৰ্ভৰ হােৱাৰ পৰামর্শ দিছিল প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে। প্রধানমন্ত্রীয়ে কৈছিল যে আত্মনিৰ্ভৰতাইহে পাৰিব দেশত অতিমাৰীৰ অভিশাপ দূৰ কৰি অর্থনৈতিক সংকটৰ পৰা মুক্ত কৰিবলৈ। মােদীয়ে কোৱা সেই শব্দকেই ২০২০ৰ বর্ষশ্রেষ্ঠ হিন্দীৰূপে স্বীকৃতি দিলে অক্সফ’র্ড লেংগুৱেজেছে।

তেওঁলােকে জনাইছে যে এই শব্দটোৱে কয় কৰ’না পৰিস্থিতিত সংকটত পৰা অগণন ভাৰতবাসীৰ উত্তৰণৰ কথা, কয় প্রতিদিনৰ যুদ্ধৰ কথা। উল্লেখ্য যে প্রতি বছৰে ।নিগম সহায় আৰু ইম’জেন ফক্সেলৰ মতে ‘আত্মনিৰ্ভৰতা শব্দটোতেই ২০২০ৰ চৰিত্র, মানসিক অৱস্থা, ঘটনাপ্রবাহৰ জিলিকণি আদি সকলােখিনি আছে।

আকৌ সেই একেটা শব্দতে পৰিস্ফুট হৈছে অতিমাৰীৰ স’তে সংগ্রাম কৰা ভাৰতীয় সংস্কৃতিও। ‘অক্সফ’র্ড লেংগুৱেজেছ’ৰ তৰফৰ পৰা এক বিবৃতিত জনােৱা হৈছে যে প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে যেতিয়া ভাৰতক কৰ’নামুক্ত কৰাৰ বাবে বিশেষ আর্থিক পেকেজ ঘােষণা কৰিছিল, তেতিয়াই তেওঁ ভাৰতক ‘আত্মনিৰ্ভৰ হ’বলৈ আহ্বান জনাইছিল।

প্রধানমন্ত্রীয়ে কৈছিল যে কৰ’না সংক্রমণে আমাক আত্মনিৰ্ভৰ হ’বলৈ শিকাইছে। অর্থনীতিৰ দিশৰ পৰা, সামাজিকভাৱে যদি আত্মনিৰ্ভৰ হ’ব পৰা যাব; তেতিয়াহে কৰ’না ভাইৰাছৰ সমস্যাৰ পৰা ভাৰতে সহজে মুক্ত হ’ব পাৰিব। অক্সফ’র্ড বিশ্ববিদ্যালয় প্ৰেছৰ পৰিচালন সঞ্চালক শিৱৰামাকৃষ্ণাণ ভেংকটেশনে কয়, ‘মােদীৰ সেই ভাষণৰ পাছতে ‘আত্মনিৰ্ভৰতা’ শব্দতেই জীয়াই থকাৰ মন্ত্ৰ বিচাৰি পায় দেশবাসীয়ে।

কৰনাৰ প্ৰভাৱত ক্ষতিগ্রস্ত অর্থনীতি আৰু সামাজিক পৰিস্থিতিৰ পৰা উভতি থিয় দিয়াৰ দিশৰ সন্ধান পাইছিল তেওঁলােকে। মােদীৰ ভাষণৰ পাছতে ‘আত্মনিৰ্ভৰতা’ শব্দটোৰ ব্যৱহাৰাে বিভিন্ন ক্ষেত্ৰত লক্ষ্যণীয়ভাৱে বাঢ়ি যায়। ইয়াৰ বাবেই শব্দটোক বর্ষশ্রেষ্ঠৰূপে বাছি লােৱা হয়।

Exit mobile version