গোলাঘাটৰ ৰাঙাজানত তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত মটৰ চাইকেল আৰোহী যুৱক, আহত দুই ছাত্ৰ

WhatsApp Image 2021 02 03 at 7.45.26 PM

গোলাঘাট আৰক্ষী থানাৰ অধীনস্থ ৰঙাজানৰ ব্যস্ত ৩৯ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি এক তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত এজন যুৱক থিতাতে নিহত হোৱাৰ লগতে দুই ছাত্ৰ আহত হোৱা ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।

১ নম্বৰ কৌৱানিৰ নিবাসী সুৰত তাৰৰ পুত্ৰ মথুৱেল তাৰ(২৮)এ আজি বিয়লি ৰঙাজানৰ এখন বিদ্যালয়ৰ পৰা নিজ পুত্ৰ আৰু ভতিজাকক লৈ এএছ০৫কে০৬৯১ নম্বৰৰ গ্লেমাৰ মটৰ চাইকেলেৰে গৃহাভিমুখে ৰাষ্ট্ৰীয় পথেৰে আহি আছিল । এনেতে ৰঙাজান দৈনিক বজাৰ আহি পাওঁতে পাছফালৰ পৰা এছ০৫এচি১০২৬ নম্বৰৰ এখন তীব্ৰবেগী ডাম্পাৰে মটৰ চাইকেলসহ চালক মিথুৱেল আৰু দুই ছাত্ৰক প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে।

ইয়াৰ ফলশ্ৰুতিত মটৰ চাইকেলখনৰ চালক মিথুৱেল তাৰৰ থিতাতে নিহত হোৱাৰ লগতে ছাত্ৰ দুজন কম-বেছি পৰিমাণে আহত হয়।

ইয়াৰ পাছতে স্থানীয় ৰাইজে ওলাই আহি ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। বিভিন্ন সময়ত গোলাঘাট জিলাৰ পৰিবহন বিভাগক এই তীব্ৰবেগী ডাম্পাৰসমূহক নাকী লগাবৰ বাবে ৰাইজে আহ্বান জনোৱাৰ পাছতো আজি পৰ্যন্ত গুৰুত্ব নিদিয়া বুলি ৰাইজে অভিযোগ তুলিছে ।

তদুপৰি, গোলাঘাট জিলাৰ ভিন্ন প্ৰান্তত নদীৰ বালি, শিল, মাটি আদি পৰিবহনৰ ক্ষেত্ৰত জড়িত ডাম্পাৰসমূহত অভাৰ ল’ড কৰি চলোৱাৰ লগতে এই ক্ষেত্ৰত জড়িত গাড়ীৰ মালিক তথা ব্যৱসায়ীসকলে অধিক মুনাফাৰ লালসাত অতি কম বয়সীয়া অনুজ্ঞাপত্ৰ বিহীন চালকৰ দ্বাৰা ডাম্পাৰ চলাই অহাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে।

কিন্তু আজি পৰ্যন্ত সংশ্লিষ্ট বিভাগে বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ নকৰিলে। স্মৰ্তব্য যে গত বৰ্ষ নুমলীগড়ৰ কানাইঘাটতো এখন ডাম্পাৰে মটৰ চাইকেল আৰোহীক পাছফালৰ পৰা খুন্দা মাৰি কালিয়নী নদীৰ দলঙৰ ইপাৰৰ পৰা শিপাৰালৈকে চুচৰাই নিয়াৰ ফলত এজন থিতাতে নিহত হোৱাৰ লগতে এজন চিৰদিনৰ বাবে ঘুনীয়া হ’বলগীয়া হয় ।

Exit mobile version