চাৰি বছৰীয়া শিশুৱে সন্ধান পালে ডাইন’চৰৰ ভৰিৰ ছাপ

Four year old girl finds well preserved dinosaur footprint on a beach

এটি চাৰি বছৰীয়া কন্যাশিশুৱে বিজ্ঞানীৰ বাবে নতুন তথ্যৰ সন্ধান দিবলৈ সক্ষম হ’ল। এই শিশুটিৰ বাবে এতিয়া বৈজ্ঞানিকে লাভ কৰিব পাৰিব ডাইন’চৰৰ সম্পর্ক কিছু নতুন তথ্য। কিয়নাে এই চাৰি বছৰীয়া শিশুটিয়েই সম্প্রতি সন্ধান পালে প্রায় ২২ কোটি বছৰৰ পুৰণি ডাইন’চৰৰ ভৰিৰ ছাপৰ। অষ্ট্রেলিয়াৰ নিউ ছাউথ ৱেলছৰ বেৰী নামৰ অঞ্চলৰ এটা উপকূলত এই ডাইন’চৰৰ ভৰিৰ ছাপটো দেখা পায় লিলি ৱাইল্ডাৰ নামৰ শিশুটিয়ে।

ADVERTISEMENT

এই ভৰিৰ ছাপটো প্রায় ২২ কোটি বছৰৰ পুৰণি বুলি ধাৰণা কৰিছে বিজ্ঞানীসকলে। তেওঁলােকে লগতে আশা কৰিছে যে এই ভৰিৰ ছাপৰ পৰাই ডাইন’চৰসমূহৰ গতিবিধি সম্পর্কে বহু গুৰুত্বপূর্ণ তথ্য উদ্ধাৰ হ’ব পাৰে। লিলিৰ মাতৃ শেলী ৱাইল্ডাৰে সংবাদ মাধ্যমক জনােৱা মতে, সপ্তাহৰ শেষত তেওঁৰ স্বামীয়ে কণমানি কন্যাক লৈ উপকূলৰ কাষত খােজকাঢ়িবলৈ গৈছিল। তেতিয়াই এটা শিলত থকা ভৰিৰ ছাপটো দেখি লিলিয়ে দেউতাকক দেখুৱায়।

শিলটো লিলিৰ কান্ধৰ সমান উচ্চতাৰ আছিল। শিলৰ ওপৰতে থকা কোনাে প্রাণীৰ ভৰিৰ ছাপটো লিলিৰ চকুত পৰে। লিলিৰ পিতৃ ৰিচার্ড ৱাইল্ডাৰে ঘৰলৈ আহি ভৰিৰ ছাপৰ ফটোখন সকলােকে দেখুৱায় পাছত তেওঁলােকে স্থানীয় প্রশাসনৰ স’তে যােগাযােগ কৰে। ৱেলছৰ জাতীয় যাদুঘৰৰ বিষয়া চিণ্ডি হাৱেলছে।জনাইছে যে লিলিয়ে যি স্থানত ডাইন’চৰৰ ভৰিৰ খােজৰ ছাপটো বিচাৰি পাইছে, সেই স্থানত আগতেও এই ধৰণৰ ছাপ পােৱা গৈছিল।

কিন্তু লিলিয়ে বিচাৰি পােৱা ছাপটো আনবােৰৰ তুলনাত ভাল নমুনা। এই ছাপটো প্রায় ১০ ছেণ্টিমিটাৰ দীঘল। এই ছাপ যিটো ডাইন’চৰৰ আছিল, তাৰ উচ্চতা অতি বেছি ৭৫ ছেণ্টিমিটাৰ আৰু দৈর্ঘ প্রায় আঢ়ৈ মিটাৰ বুলি ধাৰণা কৰা হৈছে। অৱশ্যে ভৰিৰ ছাপৰ পৰা ডাইন’চৰটো কি প্রজাতিৰ সেয়া নিশ্চিতৰূপে ক’ব পৰা নাযাব বুলিও হাৱেলছে কয়। কিয়নাে ভৰিৰ ছাপটো প্রায় ২২ কোটি বছৰৰ পুৰণি হােৱাৰ বাবেই ইয়াৰ প্ৰজাতি নির্ণয় কৰাটো কঠিন হ’ব বুলি তেওঁ কয়। হাৱেলছে লগতে জনাইছে যে এই সপ্তাহতে জীৱাশ্মটো তুলি আনি যাদুঘৰত ভালদৰে সংৰক্ষিত কৰি ৰখা হ’ব। তাতেই ছাপটোক লৈ গৱেষণাও চলিব। এই ছাপটো দেখি ডাইন’ছৰটোৰ ভৰিৰ গঠন ভালদৰে বুজা গৈছে। বুলি মন্তব্য কৰি হাৱেলছে কয় যে সেই বাবেই অনেক নতুন তথ্য পােহৰলৈ অহাৰ সম্ভাৱনা আছে।

Exit mobile version