দীপ সিদ্ধুৰ সন্ধান ওলিয়াব পাৰিলে এক লাখ টকাৰে পুৰস্কৃত কৰা হ’ব

pjimage 3 3

হিংসাত্মক ঘটনা সংঘটিত কৰাৰ অভিযোগত অভিনেতা দীপ সিদ্ধুক বিচাৰি অভিযান দিল্লী আৰক্ষীৰ । গণৰাজ্য দিৱসত কৃষকসকলৰ ট্ৰেক্টৰ ৰেলীত সংঘটিত হোৱা হিংসাত্মক ঘটনাত দীপ সিদ্ধু জড়িত থকা বুলি সন্দেহ কৰা হৈছে । দীপ সিদ্ধুৰ অৱস্থান বা গতিবিধি সম্বন্ধে উপযুক্ত খবৰ দিব পাৰিলে এক লাখ টকাৰে পুৰস্কৃত কৰা হ’ব বুলিও ঘোষণা কৰা হৈছে ।

উক্ত ঘটনাৰ স’তে জড়িত থকা আন চাৰিজন অভিযুক্ত জয়বিৰ সিং, বুটা সিং, সুখদেৱ সিং আৰু ইকবাল সিঙৰ ওপৰতো ৫০ হেজাৰ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছে । তেওঁলোকো ঘটনা সংঘটিত হোৱাৰ পাছত লোকাই থকাৰ অভিযোগ উত্থাপন হৈছে । অভিযুক্তসকলক বিচাৰি ইতিমধ্যে দিল্লী আৰু পঞ্জাৱৰ বিভিন্ন স্থানত আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে । সম্প্ৰতি আৰক্ষীয়ে ৪৪টা এফআইআৰ দাখিল কৰিছে ।

১২২ জনক গ্ৰেপ্তাৰ কৰা হৈছে ।বিতৰ্কিত তিনি কৃষি আইনৰ বিৰুদ্ধে যোৱা ২৬ জানুৱাৰীত ৰাজধানীত ট্ৰেক্টৰ ৰেলী বাহিৰ কৰে কৃষকসকলে । অধিকাংশ কৃষকে পূৰ্ব নিৰ্ধাৰিত পথেৰে যাত্ৰা আৰম্ভ কৰিলেও কৃষকৰ এটা দল ৰেলীৰ পৰা পৃথক হৈ লালকিল্লাত উপস্থিত হয় । লালকিল্লাৰ সন্মুখত জাতীয় পতাকাৰ কাষত এটা পৃথক খুটিত তথা গম্বুজৰ ওপৰত নিচান সাহিবৰ পতাকা লগাই দিয়ে তেওঁলোকে ।সেই সময়ত আৰক্ষীৰ স’তে সংঘৰ্ষত লিপ্ত হৈ আছিল কৃষকসকল । পৰিস্থিতি নিয়ন্ত্ৰণত আনিবলৈ লাঠি চালনা আৰু ক্ৰন্দন গেছ নিক্ষেপ কৰে আৰক্ষীয়ে । সিদিনাই ট্ৰেক্টৰ বাগৰি পৰাত এজন আন্দোলনকাৰীৰ মৃত্যুও হয় ।ৰাজধানীত সংঘাটৰ সৃষ্টি কৰা কেইখনমান ছবি আৰক্ষীয়ে ইতিমধ্যে প্ৰকাশ কৰিছে । তাতে হাতত লাঠি লৈ থকা ১২ জনক চিহ্নিত কৰা হৈছে।

Exit mobile version