ভাৰত চৰকাৰৰ বন‍্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব‍্যুৰ’ আৰু বন বিভাগ আৰু চিৰাং আৰক্ষীৰ যৌথ অভিযান

WhatsApp Image 2021 02 03 at 6.10.31 PM

চিৰাঙত হাতীৰ দাঁতসহ এজনক গ্ৰেপ্তাৰ। ভাৰত চৰকাৰৰ বন‍্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব‍্যুৰ’ আৰু বন বিভাগ আৰু চিৰাং আৰক্ষীয়ে যৌথ অভিযানত ছয়টাকৈ হাতী দাঁতসহ এজন লোকক আটক।

চিৰাঙত হাতীৰ দাঁতৰ চোৰাং কাৰবাৰৰ বিষয়ে পোৱা গোপন তথ‍্যৰ ভিত্তিত যৌথ অভিযান চলাই আছিল ভাৰত চৰকাৰৰ বন‍্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব‍্যুৰ’ আৰু বন বিভাগ আৰু আৰক্ষীয়ে । অভিযানকালত আজি ৰাতিপুৱা চিৰাঙৰ ঢালিগাঁও থানাৰ অন্তৰ্গত পদ্মপুৰৰ পৰা হাতীৰ দাঁতসহ মিন্টু চৌধুৰী (৫০) নামৰ লোকজনক আটক কৰে।

উদ্ধাৰ হোৱা হাতীদাঁত ছয়টাৰ ওজন ১০ কেজি হ’ব বুলি জনায় বন বিভাগে। আটক লোকজন বঙাইগাঁৱৰ পৰিবহন বিভাগৰ বাছ আস্থানৰ ওচৰত থকা বুলি জনায় যদিও লোকজন আচলতে গুৱাহাটী বিৰুবাৰীৰ বাসিন্দা।

বিগত কিছুদিনৰ পৰা চিৰাঙত বিভিন্ন ঠাইৰ পৰা বহুকেইটা হাতীদাঁত উদ্ধাৰৰ লগতে কেবাজনো লোক গ্ৰেপ্তাৰ হৈছিল। সন্দেহ কৰা হৈছে ভাৰত-ভুটান সীমান্তই দি আন্তৰ্জাতিক হাতীদাঁতৰ ব‍্যৱসায়ী চক্ৰই চিৰাঙত প্ৰৱেশ কৰি চলাই গৈছে হাতীদাঁতৰ চোৰাং ব‍্যৱসায়। এই সন্দৰ্ভত চিৰাং বন সংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাতিৰীয়ে জনায় যে এই ক্ষেত্ৰত আটক লোকজনক জেৰাৰ অন্তত বিতং তথ‍্য পোহৰলৈ আহিব।

Exit mobile version