মধ্য এছিয়াৰ ধ্বংসৰ কাৰক চেংগিজ খান‌ নহয়, জলবায়ু পৰিৱৰ্তনঃ নতুন গৱেষণা

Genghis Khan

মধ্য এছিয়াৰ ইতিহাস, মোংগলসকলৰ ইতিহাস, চেংগিজ খানৰ ইতিহাস পুনৰ নতুনকৈ লিখাৰ কথা কৈছে বৈজ্ঞানিকসকলে । ইতিহাসত দাবী কৰা হৈছে যে, দক্ষিণ কাজাখাস্তান, উজবেকিস্তানৰ প্ৰাচীন সভ্যতা ধ্বংসত মোংগল অধিপতি চেংগিজ খানৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল । কিন্তু সম্প্ৰতি গৱেষণা কৰি কিছু নতুন তথ্য পোৱা গৈছে ।

ADVERTISEMENT

ইংলেণ্ডৰ লিংকন বিশ্ববিদ্যালয়ৰ গৱেষক আৰু বতৰ বৈজ্ঞানিকসকলে জনায় যে, চেংগিজৰ আক্ৰমণ নহয়, বৰঞ্চ জলবায়ু পৰিৱৰ্তনৰ ফলত ধ্বংস‌ হৈ যায় সেই অঞ্চলৰ জনবসতি, সভ্যতা । সেয়ে, চেংগিজৰ ইতিহাস নতুনকৈ লিখিব লাগিব বুলি একাংশৰ ধাৰণা । ইয়াৰ ফলত হয়তো শাসকজনৰ বিধ্বংসী ভাবমুৰ্তিও পৰিৱৰ্তন হৈ যাব পাৰে ।

 

মধ্য এছিয়াৰ আমুদৰিয়া আৰু ছিৰদৰিয়া নদীৰ পলিমাটিত এই জনবসতি গঢ়ি উঠিছিল । ত্ৰয়োদশ শতিকাত এই অঞ্চলৰ জনবসতি ধ্বংস হোৱাৰ আ‌ঁৰত মোংগল অধিপতি চেংগিজ খানৰ ভূমিকাৰ কথাই কয় ইতিহাসে । কোৱা হয়, চেংগিজৰ আক্ৰমণৰ ফলত সেই অঞ্চলৰ সকলো লোক পলাই যায় আৰু ব্যাপক লুণ্ঠনৰাজৰ ফলত সকলোবোৰ ভাঙি পৰে ।

কিন্তু এই তথ্যক নাকচ কৰে বৰ্তমানৰ গৱেষণাই । গৱেষণাত পোৱা যায় যে, ত্ৰয়োদশ শতিকাত এই অঞ্চলত জলবায়ুৰ ব্যাপক পৰিৱৰ্তন হয় । ফলত সকলো নদী‌ শুকাই যায় । সেয়ে বাসিন্দাসকলে অঞ্চল পৰিত্যাগ কৰে ।

নদী ইতিহাস বিশেষজ্ঞ মাৰ্ক মেকলিনৰ অনুসৰি, ‘সপ্তম আৰু অষ্টম শতাব্দীত আৰৱৰ আক্ৰমণত ‌এই সভ্যতাই অতি সহজেই পিছ হুহুকিছিল । আক্ৰমণ বন্ধ হোৱাৰ পাছত পলাতকসকল পুনৰ অঞ্চলটোত উভতি আহে । কাৰণ, তেতিয়া অঞ্চলটো অতি উৰ্বৰ আছিল । কিন্তু ত্ৰয়োদশ শতিকাৰ পাছত আৰু তেনে নহয় ।’

গৱেষণাপত্ৰৰ অনুসৰি, মধ্য এছিয়াৰ এই অঞ্চলৰ অন্তিম ব্যৱস্থাৰ পৰাই অনুমান কৰিব পৰা যায়, ব্যাপক খৰাং পৰিস্থিতিৰ বাবেই সমগ্ৰ অঞ্চলটো শুকাই যায় । কৃষি ভূমিত কোনো পধ্যেই পানী যোগান ধৰা সম্ভৱ নহয় ‌ । সেয়ে শেষ পৰ্যায়ত বাসিন্দাসকল অঞ্চলটো এৰি যাবলৈ বাধ্য হয় ।

ব্যাপক জলবায়ু পৰিৱৰ্তনৰ ফলত বাৰে বাৰে মানৱসভ্যতাৰ যাত্ৰাপথত পৰিৱৰ্তন আহিছে । ইয়াৰ বহুসংখ্যকেই এতিয়াও অজ্ঞাত । এনে বহু ঘটনাৰ বাবে বহিঃশত্ৰুৰ আক্ৰমণ বা অন্যান্য মানৱিক কাৰ্যকলাপৰ ওপৰত দোষ ছপাই দিয়া হৈছে । অনাগত দিনত পৰিৱেশ সংক্ৰান্ত গৱেষণাৰ কাম আগবাঢ়িলে ইতিহাসৰ এনে বহু অজ্ঞাত তথ্যই পোহৰলৈ আহিব বুলি মত প্ৰকাশ কৰে বিশেষজ্ঞসকলে ।

Exit mobile version