কৰ’না ভাইৰাছক সাধাৰণভাৱে নল’বলৈ পিইচিৰ আহ্বান

vikas sharma republic bharat

টেলিভিছনৰ জনপ্ৰিয় সাংবাদিক বিকাশ শৰ্মাৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ পাছত সংবাদ জগতত সা‍ংবাদিকৰ সুৰক্ষাক লৈ আশংকাৰ সৃষ্টি হৈছে । ছুইজাৰলেণ্ডৰ সংবাদ মাধ্যম ৱাচডগ প্ৰেছ এমব্লেম কেম্পেইন (পিইচি)য়ে সাংবাদিকসকলক ন’ভেল কৰ’না ভাইৰাছক সাধাৰণভাৱে নল’বলৈ আহ্বান জনায় ।

ADVERTISEMENT

পিইচিৰ সচিব জেনেৰেলে কয়, ‘২০২০ৰ এক মাৰ্চৰ পৰা এতিয়ালৈকে ৬৩ খন দেশত মুঠ ৭৩৬ জন সাংবাদিকে কৰ’নাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে । পেৰুতেই আটাইতকৈ বেছি সাংবাদিকৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে ৯৫ জন, মেক্সিক’ত ৮৪ জন, ব্ৰাজিল ৭৭ জন, ইণ্ডিয়া ৫৫ জন, ইটালী আৰু বাংলাদেশ উভয়তে ৪৪ জন, একুৱেডৰ ৪২ জন, ইউএছএ ৩৮ জন, পাকিস্তান ২৩ জন, গ্ৰেট ব্ৰিটেইন ২২ জন, তুৰ্কী ২১ জন, ইউক্ৰেইন ১৪ জন, ৰাছিয়া আৰু পানামা উভয়তে ১২ জন, আফগানিস্তান ন জন, নেপাল তিনি জন, ইণ্ডোনেছিয়া দুই জন ।’

তেওঁ লগতে কয় যে, পিইচিয়ে নিহতসকলৰ পৰিয়ালবৰ্গ আৰু সহকৰ্মীসকলক সমবেদনা জনাবলৈ আৰু মৃত সাংবাদিকসকল শ্ৰদ্ধাঞ্জলি জনাবলৈ অতিমাৰীৰ সময়ত কৰ’না টিকাৰ আৰম্ভ কৰিছিল । ক’ভিড-১৯ৰ বিষয়ে বিস্তৰভাৱে অৱগত কৰিবলৈ ভাইৰাছৰ বিৰুদ্ধে যুঁজত সাংবাদিকসকলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিব । সেয়ে সাংবাদিকক প্ৰথম পৰ্যায়তে টিকাকৰণ কৰাৰ অনুৰোধ জনাইছে লেম্পনে ।

ৰিপাব্লিক ভাৰতৰ সাংবাদিক বিকাশ (৩৫) প্ৰকৃততে ক’ভিড-১৯ত আক্ৰান্ত হৈ সুস্থ হৈছিল । কিন্তু তেওঁ কিছুদিনৰ পাছত পুনৰ অসুস্থ অনুভৱ কৰিবলৈ লয় । সেয়ে তেওঁক কৈলাশ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু তাতে তেওঁ চাৰি ফেব্ৰুৱাৰী ২০২১ত শেষ নিশ্বাস ত্যাগ কৰে ।

এজন প্ৰতিভাৱান, সাহসী আৰু দায়িত্বশীল লেখক হিচাপে প্ৰশংসিত কানপুৰৰ লোকজনে স্ত্ৰী, দুজনী কন্যা, আত্মীয়স্বজন আৰু শুভাকাংক্ষীসকলক এৰি থৈ যায় ।

Exit mobile version