শালবাৰীৰ ফাতেমাবাদ চাহ বাগিচাত ধন পুৰস্কাৰ আঁচনি‌

অনুমোদন পত্ৰ বিতৰণ

WhatsApp Image 2021 02 06 at 5.01.57 PM 1

অসম চৰকাৰে চাহ বাগিচাৰ শ্ৰমিকসকলৰ আৰ্থিক উন্নয়নৰ স্বাৰ্থত গ্ৰহণ কৰা অভিলাষী আঁচনি “অসম চাহ বাগিচা ধন পুৰস্কাৰ আঁঁচনি-২০২০”ৰ অধীনত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা তথা বাগসা জিলাৰ শালবাৰীৰ ফাতেমাবাদ চাহ বাগিচাৰ ১০৭০ গৰাকী পুৰুষ-মহিলা শ্ৰমিক হিতাধিকাৰীৰ মাজত আঁচনিৰ ধনৰ অনুমোদন পত্ৰ বিতৰণ কৰা হয় ৷

আঁচনিৰ ধনৰ অনুমোদন পত্ৰ বিতৰণ কৰাৰ উদ্দেশ্যে ফাতেমাবাদ চাহ বাগিচাৰ খেলপথাৰৰ সজাগতা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শালবাৰী মহকুমাৰ মহকুমাধিপতি নিত্য বিনোদ ওৱাৰী ৷ সভাত ফাতেমাবাদ চাহ বাগিচাৰ জ্যেষ্ঠ পৰিচালক জিতেন্দ্ৰ সিঙৰ লগতে আন কে’বাগৰাকীও বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।

ফাতেমাবাদ চাহ বাগিচা কাৰ্যালয়ৰ কৰ্মচাৰী মানছুখ ছানখাড়িকাই পৰিচালনা কৰা সভাখনত ভাষণ প্ৰসংগত মহকুমাধিপতি ওৱাৰীয়ে চাহ শ্ৰমিকসকলক বেংক একাউন্টৰ জৰিয়তে তেওঁলোকৰ প্ৰাপ্য মজুৰি আদায় ল’বলৈ আৰু এটিএমৰ জৰিয়তে ধনৰ লেনদেন কৰাৰ বাবে আহ্বান জনায়। আজিৰ ডিজিটেল যুগত অনলাইনৰ জৰিয়তে চাহ শ্ৰমিকসকলে পাব পৰা সুবিধাৰ বিষয়েও বিতংকৈ বুজাই দিয়ে।

প্ৰাপ্য টকা যাতে অপব্যয় নকৰে তাৰ বাবে তেওঁ অনুৰোধ জনায় ৷ সকলো চাহ শ্ৰমিকে যাতে বেংক একাউণ্ট খোলে তাৰ বাবেও আহ্বান জনায় মহকুমাধিপতি গৰাকীয়ে । এই ক্ষেত্ৰত কিবা সমস্যাৰ সন্মুখীন হ’লে জিলা প্ৰশাসনৰ জৰিয়তে চাহ বাগিচা কৰ্তৃপক্ষই চাহ শ্ৰমিকসকলক সহায়-সহযোগ কৰিব বুলিও জানিবলৈ দিয়ে ।

সভাৰ অন্তত অসম চাহ বাগিচা ধন পুৰস্কাৰ আঁচনি (তৃতীয় খণ্ড) -২০২০ৰ অধীনত ১০৭০ গৰাকী চাহ শ্ৰমিক পুৰুষ-মহিলা হিতাধিকাৰীৰ মাজত ৩০০০/- (তিনি হাজাৰ) টকাৰ অনুমোদন পত্ৰ বিতৰণ কৰা হয় ৷

Exit mobile version