বয়স্ক লোকে দৃষ্টিশক্তি স্বাভাৱিক কৰি ৰাখিবলৈ খাওক জিকা

luffa acutangula

আমাৰ খাদ্য তালিকাত সাধাৰণতে গ্ৰীষ্মকালত যিবোৰ পাচলি তালিকাভুক্ত কৰা হয় সেইবোৰৰ অন্যতম হ’ল জিকা ।কম বেছি পৰিমাণে প্ৰায়ভাগ লোকেই জিকা খায়।পাচলি হিচাপে গ্ৰহণ কৰিলেও ইয়াৰো আছে স্বাস্থ্য ৰক্ষাৰ গুণাগুণ।

বয়স্ক লোকৰ দৃষ্টিশক্তি স্বাভাৱিক কৰি ৰাখিবলৈ নিয়মীয়াকৈ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক জিকা। সাধাৰণতে বয়স বৃদ্ধিৰ লগে লগে মেকুলাৰ ডিজেনেৰেছন,অন্ধত্বৰ সমস্যাৰ গা কৰি উঠে।এনে সমস্যাৰ পৰা হাত সাৰিবলৈ জিকা খাব লাগে ।দৰাচলতে জিকাত থকা বিটা কেৰোটিন,ভিটামিন’এ’আদি থাকে বাবে বয়স্ক লোকৰ দৃষ্টিশক্তি লোপ হোৱাতো প্ৰতিৰোধ কৰিব পাৰে।এন্টি অক্সিডেন্ট হিচাপে বিটা কেৰোটিনে অপ্টিক নাৰ্ভডালৰ উপকাৰ সাধান কৰাৰ লগতে চকুলৈ অৰ্থাৎ ফ্ৰিৰেটিকেল আদিৰ বাবে চকুৰ ক্ষয় হ’ব পৰা প্ৰক্ৰিয়াটোত বাধা জন্মায় ।

এনিমিয়া বা ৰোক্তহীনতাৰ সমস্যাৰ পৰা হাত সাৰিবলৈ নিয়মীয়াকৈ খাওক জিকা । কাৰণ জিকাত প্ৰচুৰ পৰিমাণে থাকে আয়ৰণ। সাদাৰণতে আয়ৰণ অভাৱত সৃষ্টি হয় ৰক্তহীনতা ।এইবিধ পাচলিত প্ৰচুৰ পৰিমাণে ভিটামিন বি৬ থাকে । এইবিধ ভিটামিনে উপযুক্তভাৱে আয়ৰণৰ স’তে ৰক্তকোষক পুষ্টি যোগান ধৰে।যেতিয়া শৰীৰৰ সকলো অংগলৈকে নিয়মীয়াকৈ ৰক্তসঞ্চালনৰ গফী স্বাভাৱিক কৰি থাকলে বিষ আদি সমস্যাৰ পৰা হাত সাৰিব পাৰি। সেইবাবে সুস্থ ব্যক্তিসকলে নিয়মীয়াকৈ জিকা খাব লাগে।

যদি কোনো লোকৰ কোষ্ঠকাঠিন্য সমস্যা আছে তেতিয়া হলে নিয়মীয়াকৈ জিকা খাদ্য তালিকাত অন্তর্ভুক্ত কৰক। সাধাৰণতে বহুতাে লােকেই এনে ধৰণৰ সমস্যাত ভােগে যদিও মুকলিকৈ ক’ব নােখােজে। দীর্ঘদিন ধৰি ভুগি থাকিলেও লজ্জাবােধৰ বাবে প্রকাশ নকৰাৰ ফলত সমস্যাই জটিল ৰূপ ধাৰণ কৰে। এনে সমস্যাৰ পৰা হাত সাৰিবলৈ নিয়মীয়াকৈ জিকা খাওক। ইয়াত প্ৰচুৰ পৰিমাণে পানী থকাৰ উপৰি প্ৰাকৃতিক ডায়েটাৰী ফাইবাৰ চেলুল’জ থাকে। জিকাৰ পৰা পানী উলিয়াই তাৰ স’তে সামান্য মৌ মিহিলাই খালে সাময়িকভাৱে কোষ্ঠকাঠিন্যৰ পৰা হাত সাৰিব পাৰি। লিভাৰ বা যকৃতৰ কার্য স্বাভাৱিক কৰি ৰাখিবলৈ খাব লাগিব জিকা। কাৰণ ইয়াত থকা উপাদানে তেজ পৰিষ্কাৰ কৰে। অর্থাৎ তেজত জমা হােৱা দূষিত পদার্থ বা বর্জ্য পদার্থসমূহ বাহিৰলৈ ওলােৱাত সহায় কৰে।

Exit mobile version