ভাৰতীয় ছাত্ৰৰ ওপৰত গুৰুত্ব প্ৰদান ব্ৰিটেইনৰ

Label brochure 1

ইউৰোপীয় ইউনিয়নৰ পাছত ব্ৰিটেইনৰ নতুন আন্তৰ্জাতিক শিক্ষা নীতিত ভাৰতৰ দৰে দেশবোৰৰ স’তে ছাত্ৰ বিনিময়ত বিশেষ গুৰুত্ব আৰোপ কৰা হ’ব। এই নীতি পূৰ্বৰ পৰা ইউৰোপীয় দেশসমূহৰ স’তে ‘এৰাজমাছ’ৰ ভিত্তিত অৱলম্বন কৰি অহা হৈছে ।

বিগত বৰ্ষৰ শেষৰ ফালৰ পৰা যুক্তৰাষ্ট্ৰৰ স’তে ব্ৰিটেইনৰ সম্পৰ্ক সম্পূৰ্ণ বিচ্ছিন্ন হৈ আছে । ব্ৰিটেইনে এইবাৰ নিজস্ব ‘টুৰিং প্ৰকল্প’ ঘোষণা কৰিছে । গণিতবিদ এলেন টুৰিঙৰ নামাংকিত এই প্ৰকল্প সম্পৰ্কে আজি বিশদ তথ্য জনায় ব্ৰিটিছ শিক্ষা কাৰ্যালয়ে ।

ব্ৰিটেইনত বৈদেশিক পঢ়ুৱৈসকলৰ ভিতৰত ভাৰতীয় পঢ়ুৱৈৰ সংখ্যাই সৰ্বাধিক । ব্ৰিটিছ শিক্ষা কাৰ্যালয়ে জনায় যে, আগন্তুক মাৰ্চত ১১ কোটি পাউণ্ডৰ টুৰিং প্ৰকল্পত দেশৰ কলেজ-বিশ্ববিদ্যালয়সমূহত বৈদেশিক ছাত্ৰ ভৰ্তি প্ৰক্ৰিয়াৰ তালিকাত প্ৰথম শাৰীত ভাৰতে থাকিব ।

ব্ৰিটিছ বিশ্ববিদ্যালয় মন্ত্ৰী মিছেল ডানলানে জনায় যে, পিছ পৰা শ্ৰেণীৰ পঢ়ুৱৈসকলক সকলো ধৰণেৰে সহায় কৰা হ’ব । বিদেশৰ প্ৰতিজন ছাত্ৰকে বিশ্ব মানৰ শিক্ষা প্ৰদানৰ লগতে তেওঁলোকৰ থকা আৰু কামৰ বন্দবস্ত কৰাৰ পৰা আৰম্ভ কৰি সকলো বিষয়তে সহায়-সহযোগিতা আগবাঢ়োৱা হ’ব ।

Exit mobile version