হিমবাহৰ ফলত উত্তৰাখণ্ডৰ চামোলি জিলাত ভয়ংকৰ পৰিস্থিতি

915304 glacier avalanche chamoli 1

দেওবাৰে পুৱা যোশীমঠৰ কাষত হোৱা বৰষুণৰ বাবে ধউলিগঙ্গাত পানীৰ স্তৰ যথেষ্ট বৃদ্ধি পাইছে। তীব্ৰ পানীৰ ফলত এখনৰ পিছত এখন গাওঁ ভঙাৰ আশংকা কৰা হৈছে ।

ব্যাপক ভাবে ক্ষয় ক্ষতি হোৱাৰ আশংকা। প্ৰশাসনে ইতিমধ্যে ১০০ ৰ পৰা ১৫০ জন মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে ।ঋষিগঙ্গা পাৱাৰ গ্ৰিড প্ৰকল্পৰ ঘটনাৰ সময়ত ১৫০ জন শ্ৰমিকে কাম কৰি আছিল আৰু তেওঁলোক সন্ধানহীন হৈ আছে। উত্তৰাখণ্ডৰ মুখ্য সচিব ওম প্ৰকাশে জানিবলৈ দিয়া মতে তেওঁলোকৰ বহুতো প্ৰবল পানীৰ ফলত উটি যোৱা বুলি ধাৰণা কৰা । অৱশ্যে, সংবাদ সংস্থাৰ মতে, নিহত আৰু আহতৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

চামোলি জিলাৰ টাপোৱন অঞ্চলৰ ৰাইনি গাঁৱত ঘটনাস্থলীৰ ভিডিঅ’ত দেখা গৈছে গঙ্গাৰ দুয়োফালে পানী আৰু ভঙা ঘৰসমূহ তীব্ৰ গতিত উটি গৈছে। তথ্য পোৱাৰ পিছত ২০০ জন ভাৰত-তিব্বতসীমান্ত ৰক্ষীৰ উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈছিল। চামোলিৰ পৰা ঋষিকেশ যোৱাৰ পথত ইতিমধ্যে ৰেড এলাৰ্ট জাৰী কৰা হৈছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট কৰি জনাইছে যে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ স’তে তেওঁৰ কথা পাতিছে । তেওঁ সম্পূৰ্ণ ঘটনাটোৰ ওপৰত পৰ্যবেক্ষণ কৰিছে । মোদীয়ে লিখিছে, ‘গোটেই দেশখন উত্তৰাখণ্ডৰ কাষত আছে। দেশবাসীয়ে উত্তৰাখণ্ডৰ বিপন্ন লোকসকলৰ বাবে প্ৰাৰ্থনা কৰি আছে। মই স্বয়ং দুৰ্যোগ সঁহাৰি বাহিনীৰ স’তে কথা পাতিছিলো। মই উদ্ধাৰ অভিযানৰ প্ৰতিটো মুহূৰ্তৰ খবৰ ৰাখিছো’।

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে টুইট কৰি জনাইছে যে দুৰ্যোগ সঁহাৰি বাহিনীয়ে ইতিমধ্যে যোশী মঠৰ ঘটনাস্থলীলৈ ৰাওনা হৈছে । এই সংকটৰ সময়ত দেৱভূমিক সকলো সহায় দিয়া হ’ব। পিছত, আন এটা টুইটত শ্বাহে কয়, ‘আন কেইবাটাও দুৰ্যোগ বাহিনীৰ দল দিল্লীৰ পৰা ঘটনাস্থলীলৈ লৈ যোৱা হৈছে’।

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিবন্দ্ৰ সিং ৰাৱতে দেওবাৰে দুপৰীয়া এটা হেল্পলাইন মুকলি কৰি বিপৰ্যস্ত অঞ্চলবোৰৰ তথ্য জনাৰ বাবে মুকলি কৰিছে এই হেল্পলাইন । এক টুইটত মুখ্যমন্ত্ৰীয়ে কয়, “যদি কোনোলোক ঘটনাস্থলীত আৱদ্ধ হৈ থাকে, তেন্তে ১০৭০ বা ৯৫৫৭৪৪৪৪৮৬ ৰ স’তে যোগাযোগ কৰক”।

ৰাৱতে তেওঁলোকক এটা পুৰণি ভিডিঅ’ৰ ছবি চাই উৰাবাতৰি প্ৰচাৰ কৰাৰ বিষয়ে সাৱধান হ’বলৈ কৈছিল। উত্তৰাখণ্ডৰ চামোলি আৰক্ষী থানাৰ আৰক্ষীয়ে জনাইছিল যে ক্ষতি পৰিহাৰ কৰিবলৈ অলাকানন্দ নদীৰ কাষৰ বসতিবোৰো খালী কৰাৰ নিৰ্দেশ দিয়া হৈছে। ভগীৰথী নদীৰ পথ অৱৰুদ্ধ কৰা হৈছে।

কেৱল উত্তৰাখণ্ডত নহয় উত্তৰ প্ৰদেশৰ গংগাৰ দুয়োফালে চূড়ান্ত সতৰ্কতা জাৰি কৰা হৈছে। ঘটনাত বহুতো পৰ্যটকো আৱদ্ধ হৈ আছে।

ইয়াৰ আগতে ২০১৩ চনত, একে ধৰণৰ বৰষুণৰ ফলত আৰু হাৰ্পা বানৰ ফলত উত্তৰাখণ্ডত প্ৰায় ছয় হেজাৰ লোকৰ মৃত্যু হৈছিল। দেওবাৰে ৰাতিপুৱাৰ ঘটনাই সেই ভয়ংকৰ স্মৃতি ঘূৰাই আনিছিল।

Exit mobile version