চেংগিজ খান নহয়, মধ্য এছিয়াৰ সভ্যতা ধ্বংস হৈছিল জলবায়ু পৰিৱৰ্তনৰ কাৰণে

304623 khan

মধ্য এছিয়াৰ ইতিহাস, মংগােলসকলৰ ইতিহাস, চেংগিজ খানৰ ইতিহাসক,নৰ নতুনকৈ লিখাৰ পােষকতা কৰিছে। এদল বিজ্ঞানীয়ে। ইতিহাসে ইমানদিনে দাবী কৰি আহিছে যে দক্ষিণ কাজাগস্তান, উজবেকিস্তান,কির্গিজস্তানৰ প্রাচীন সভ্যতা ধ্বংসৰ অন্তৰালত আছিল মংগােল অধিপতি চেংগিজ খানৰ ভূমিকা।

ADVERTISEMENT

কিন্তু সাম্প্রতিক গৱেষণাই আন কথাহে দাবী কৰিছে। ইংলণ্ডৰ লিংকন বিশ্ববিদ্যালয়ৰ গৱেষক আৰু পৰিৱেশ বিজ্ঞানীসকলে মন্তব্য কৰিছে যে চেংগিজ খানৰ আক্রমণ নহয়, বৰঞ্চ জলবায়ু পৰিৱর্তনৰ ফলতে ধ্বংস হৈছিল সেই অঞ্চলৰ জনবসতি, সভ্যতা। ইয়াৰ বাবেই চেংগিজ খানৰ ইতিহাস পুনৰ লিখিব লাগিব বুলিয়ে একাংশই ধাৰণা কৰিছে। যাৰ ফলত হয়তাে সলনি হ’ব পাৰে এজন নিষ্ঠুৰ আক্ৰমণকাৰীৰূপে থকা চেংগিজ খানৰ ভাবমূর্তি।

মধ্য এছিয়াৰ আমুদৰিয়া আৰু ছিৰদৰিয়া নদীৰ পলি গঠিত ভূমিতেই এই জনবসতি গঢ়ি উঠিছিল। ত্রয়ােদশ শতিকাত এই অঞ্চলৰ জনবসতি ধ্বংস হােৱাৰ অন্তৰালত মংগােল অধিপতি চেংগিজ খানৰ ভূমিকা আছিল বুলি ইতিহাসে ধাৰণা কৰিছিল। বিভিন্ন তথ্যই দাবী কৰিছিল যে অতি নিষ্ঠুৰ শাসকৰূপে পৰিচিত চেংগিজৰ আক্ৰমণৰ ফলত অঞ্চলটোৰ বিপুল সংখ্যক লােক নিহত হয় আৰু জীয়াই থকাসকল পলাই যায়।

লগতে চেংগিজৰ নিষ্ঠুৰ বাহিনীৰ ব্যাপক লুণ্ঠনৰ ফলত সকলােবােৰেই ভাঙি পৰে। সম্প্রতি সেই তত্ত্বকেই নস্যাৎ কৰিছে এক শেহতীয়া গৱেষণাই। এই গৱেষণাত দেখা গৈছে যে ত্রয়ােদশ শতিকাৰ ভিতৰতে এই অঞ্চলৰ জলবায়ুত ব্যাপক পৰিৱর্তন ঘটে। ফলত সকলােবােৰ নদী শুকাই যায়। সেই কাৰণেই বাসিন্দাসকলে উক্ত স্থান ত্যাগ কৰে। নদী-ইতিহাস বিশেষজ্ঞ মার্ক মেকলিনে এই প্রসংগত কয়, ‘সপ্তম আৰু অষ্টম শতাব্দীত আৰবসকলৰ আক্রমণ এই সভ্যতাই অতি সহজে মােকাবিলা কৰিছিল।

আক্ৰমণৰ সময়ত যিসকলে তাৰ পৰা পলায়ন কৰিছিল, তেওঁলােক পাছত পুনৰ উভতি আহে। কাৰণ অঞ্চলটো আছিল অতিশয় উর্বৰ। কিন্তু ত্রয়ােদশ শতিকাৰ পৰা সেয়া আৰু নহ’ল। এই বিষয়ৰ গৱেষণা পত্ৰত কোৱা হৈছে যে মধ্য এছিয়াৰ উক্ত অঞ্চলৰ জলসিঞ্চন ব্যৱস্থাৰ পৰাই অনুমান কৰিব পাৰি যে ব্যাপক খৰাঙৰ কাৰণে সমগ্র অঞ্চলটোৱেই শুকান হৈ পৰিছিল। খেতিপথাৰলৈ পানী সৰবৰাহ কৰাটো কোনােপধ্যেই সম্ভৱ হােৱা নাছিল। শেষ পর্যন্ত পানীৰ অভাৱৰ বাবেই মানুহে অঞ্চলটো ত্যাগ কৰি আন ঠাইলৈ যাবলৈ বাধ্য হয়।

ব্যাপক জলবায়ু পৰিৱৰ্তনৰ ফলত মানৱ সভ্যতাৰ যাত্রাপথত বাৰে বাৰে পৰিৱৰ্তন আহিছে। যাৰ অধিকাংশই আজিও মানুহৰ বাবে অজ্ঞাত। ইয়াৰে বহু পৰিৱর্তনৰ বাবে দোষী সাব্যস্ত কৰা হৈছে বহিঃশত্ৰুৰ আক্রমণ বা অনান্য মানৱিক কার্যকলাপক। আগন্তুক দিনত পৰিৱেশ সংক্রান্তীয় গৱেষণাৰ কাম আগবাঢ়িলে ইতিহাসৰ এনে বহু নজনা অধ্যায়ৰ ওপৰত আলােকপাত হ’ব বুলিয়ে বিশেষজ্ঞসকলে মত প্রকাশ
কৰিছে।

Exit mobile version