নাৰিকলৰ উপকাৰীতা

Coconuts 1280x720 1

★ নাৰিকল খালে স্মৃতি শক্তি বৃদ্ধি হয়, মগজুৰ নিউৰন কোষ সক্ৰিয় হয় , চিন্তা ও মেধা শক্তি বাঢ়ে ।স্বাস্থ্য অটুত ৰাখে , দেহ আতিল হয় । ( বাদাম, মিচিৰি আৰু নাৰিকল একেলগে খোৱাতো বেচি ফলপ্ৰদ )

★নাৰিকল খালে হৃদ যন্ত্ৰ , ৰক্ত সঞ্চালন , মাংসপেশীৰ কোষীকা আদিৰ ক্ৰিয়া সবল হয় ।

★ৰক্তহীনতা বাবে নাৰিকল উপকাৰী । দেহত ভিতামিন ,আইৰন,হিম’গ্লবিন,কেলচিয়াম আদি পোষক দ্ৰব্যৰ অভাৱ দুৰ কৰে নাৰিকলে।

★ডাৱৰ পানী সেৱনে উচ্চ ৰক্তচ্চাপ নিয়ন্ত্ৰন কৰে ।

★ডাৱৰ পানীয়ে কিডনি ,পাথৰ, জন্ডিচ,প্ৰস্ৰাৱ বিকাৰ, গৰমত হ’ব পৰা সকলো ৰোগ দুৰ কৰে ।

★নাৰিকল খালে পাচন ক্ৰিয়া আৰু হজমশক্তি বৃদ্ধি হয়।

★বহুমুত্ৰ ৰোগীৰ বাবেও নাৰিকল উপকাৰী ।

★হাড়ৰ গঠন , গাথিৰ বিষ মাংসপেশীৰ বিষ ,অৰ্থাৰাইটিচ আদিৰ বাবে নাৰিকল নিয়মিত খোৱাতো উপকাৰী ।

★নাৰিকল খালে দেহৰ ক’লেষ্ট্ৰল নিয়ন্ত্ৰনত থাকে ।

★নাৰিকলৰ গাখীৰ বা ডাৱৰ পানী কম মাত্ৰাত নিয়মীয়াকৈ খালে
দেহৰ অতিৰিক্ত ওজন কমোৱাত সহায় হয় ।

★নাৰিকল দেহৰ বেক্টেৰীয়া তথা বিজানু নাশক।

★ডেঙ্গো ৰোগীৰ বাবে ডাৱৰ পানী অতি উপকাৰী

★ আমাশয় ,ডায়েৰীয়া বা অতিসাৰ ৰোগত ডাৱৰ পানী অতি হিতকাৰী ।

★ ঘামচী ,খজুৱতী আদি হলে তিয়হৰ ৰস আৰু নাৰিকলৰ পানী ঘহিব লাগে।

★চুলিৰ বাবেও নাৰিকল খোৱা আৰু মুৰত তেল ঘহাতো অতি উপকাৰী ।চুলি সৰা ,ফটা , উফি , খজুৱতি বা অন্য যিকোনো সমস্যাত খাতি নাৰিকলৰ তেল নেমু ৰস মিহলাই ঘঁহিলে উপকাৰী।

★চালৰ অন্নান্য সৰু-সুৰা ৰোগত নেমু আৰু নাৰিকলতেল ঘহিব পাৰে ।

★ মুৰ বা গাত নাৰিকল তেল নিয়মিত মালিচ কৰাতো চালৰ ৰোগ নাশক আৰু সৌন্দৰ্য বৰ্ধক ।

★ইয়াৰোপৰি নাৰিকলে আমাৰ দেহৰ যথেষ্থ উপকাৰ সাধন কৰাৰ লগতে দেহ প্ৰতিৰক্ষণ ক্ষমতা বঢ়ায় ।

Exit mobile version