পবিতৰা অভয়াৰণ্যত বার্ষিক জলচৰ পক্ষী গণনা

81e74260794ce868414b3817b5a17804

অসম বন বিভাগ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বন্য জীৱ সংৰক্ষণ সংস্থা আৰাণ্যকে পবিতৰা অভয়াৰণ্যত দ্বিতীয় বাৰৰ বাবে সফলভাৱে বার্ষিক জলপক্ষী গণনা কাৰ্যসূচী সফলভাৱে সম্পন্ন কৰে।

এই গণনা কাৰ্যসূচীৰ মূল উদ্দেশ্য হৈছে অভয়াৰণ্য খনত উপলব্ধ জলচৰ পক্ষী সমূহৰ সংখ্যা গণনা কৰা আৰু ইয়াৰ জৰিয়তে লাভকৰা তথ্যৰ জৰিয়তে চৰাই সমূহৰ দীর্ঘকালীন সংৰক্ষণৰ পৰিকল্পনা কৰা।

উল্লেখযােগ্য যে ২০২০ চনৰ গণনা অনুসৰিঅভয়াৰণ্যখনত মুঠ ৬৪টা প্রজাতিৰ ১৫ হাজাৰতকৈ অধিক পক্ষী পােৱা যায়। এই বছৰৰ গণনাত মুঠ ৫৪ টা প্রজাতিৰ ২৪ হাজাৰতকৈ অধিক পক্ষী পােৱা গৈছে।

অসম বন বিভাগ, আৰণ্যকৰ সদস্য লগতে কৰ্মচাৰী, স্বেচ্ছাসেৱক, TISS (গুৱাহাটী)ৰ শিক্ষক তথা ছাত্র – ছাত্রী সকল আৰু আন আন প্রকৃতি সংৰক্ষণ সংস্থাৰ সদস্য সকলক লৈ মুঠ ৩০ জন প্রার্থীয়ে এই গণনা কাৰ্যসূচীত অংশগ্রহণ কৰে।

আৰণ্যকৰ প্রসিদ্ধ বন্য জীৱবিজ্ঞানী উদয়ন বৰঠাকুৰে এই গণনা কার্যসূচীৰ গুৰিধৰাৰ লগতে অংশগ্রহণকাৰী সকলক গণনাৰ পক্রিয়া সমূহ বহলাই বাখ্যা কৰে। আনহাতে পবিতৰা অভয়াৰণ্যৰ খণ্ড বন বিষয়া মুকুল তামুলীয়ে বিভিন্ন কার্যসূচী সমূহ আগুৱাই নিয়াত আগভাগ লয়।

এই গণনা কাৰ্যসূচী সফল ভাবে ৰূপায়ন কৰিবৰ বাবে অংশগ্রহণকাৰী সকলক মুঠ ছয়টা দলত ভাগ কৰা হৈছে আৰু এই দলসমূহক উদয়ন বৰঠাকুৰ, আৰণ্যকৰ জেষ্ঠ বিজ্ঞানী ড° বিভূতি প্রসাদ লহকৰ, TISSৰ অধ্যাপিকা ড° নমিতা ব্রহ্ম, বনৰীয়াৰ নব চৌধুৰী, মায়বং ইক ৰিজৰ্টৰ বিনােদ ডেকা আৰু নৃপেন নাথে প্রতিনিধিত্ব কৰে। জিজিনা ৰিজর্ত আৰু পবিতৰা জিপচি চাফাৰি এচছিয়েচনে এই গণনা কাৰ্যসূচীত সহায়ৰ হাত আগবঢ়ায়।

Exit mobile version