টাৰ্গেট পশ্চিমবংগৰ বিধান সভা নিৰ্বাচন

চিৰাঙলৈ ১১ ফেব্ৰুৱাৰীত আহিব কেন্দ্ৰিয় গৃহমন্ত্ৰী অমিত শাহ

অহা ১১ ফেব্ৰুৱাৰীত চিৰাঙলৈ আহিব কেন্দ্ৰিয় গৃহ মন্ত্ৰী অমিত শাহ। চিৰাঙৰ ছাতিপুৰ গাঁওৰ অনন্ত ৰায়ৰ বাসগৃহত আহিব কেন্দ্ৰিয় গৃহ মন্ত্ৰীগৰাকী। অনন্ত ৰায় গ্ৰেটাৰ কোচবিহাৰ পিপলচ এছোচিয়েশ্বনৰ প্ৰতিষ্টাপক। সেয়ে কোচ বিহাৰ লৈ নগৈ চিৰাঙৰলৈকে আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী।

ADVERTISEMENT

তথ্য অনুসৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীৰ উদ্দেশ‍্য সংগঠনটোৰ মুৰব্বীয়ে পশ্চিম বঙ্গত বিজেপিক সহায় কৰাৰ ।অনন্ত ৰায় মহাৰাজ ধৰ্মগুৰু হোৱাৰ লগতে কোচ বিহাৰ তথা পশ্চিম বঙ্গত আছে ৰাজনৈতিক প্ৰভাৱ। ১১ তাৰিখে কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকী গুৱাহাটীত নামি বিশেষ বিমানেৰে ৰাওনা হ’ব বঙাইগাঁও শোধনাগাৰৰ হেলিপেডলৈ।তাৰ পিছতে ছাতিপুৰ গাঁওৰ অনন্ত ৰায় মহাৰাজৰ ঘৰত উপস্থিত হ’ব মন্ত্ৰীগৰাকী।অনন্ত ৰায়ে জানিবলৈ দিয়া মতে ৰায়ৰ বাসগৃহত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কোঁচ ৰাজবংশীয়, পৰম্পৰাগত আহাৰ গ্ৰহণ কৰিব ।

Exit mobile version