পিয়াঁজৰ কিছু উপকাৰিতা

Onion raw

★কেঁচা পিঁয়াজ নিয়মীয়াকৈ খালে বহুমূত্ৰ ৰোগ নাশ কৰে ।

★ই কফ ৰোগত কেতিয়াও আক্ৰান্ত হোৱাত বাধা দিয়ে। এটা পিঁয়াজৰ লগত যদি সম পৰিমাণৰ মৌৰস মিহলাই খোৱা যায় তেন্তে কাহ, কফ আৰু সঘনে পানী লগা বেমাৰৰ পৰা আৰোগ্য লাভ কৰিব পাৰি।

★দাঁতৰ যিকোনো ৰোগ নহবৰ বাবে পিঁয়াজ যথেষ্ট সহায়ক।

★পিঁয়াজে আমাৰ দেহত ভিটামিন এৰ যোগান ধৰে। নিয়মীয়াকৈ পিঁয়াজ খালে ব্যক্তিজনক হাৰ্টৰ কোনো ৰোগে আক্ৰমণ কৰিব নোৱাৰে।

★উচ্চ ৰক্তচাপ ক্ৰিয়া কৰা ব্যক্তিজনেও পিয়াজ খোৱাটো অতি প্ৰয়োজন ।

★পিয়াঁজত যথেষ্ট পৰিমাণে ফাইবাৰ বা আঁহ পোৱা যায়।যিয়েনেকি অন্ত্ৰৰ বিপাকীয় প্ৰণালী সবল কৰে আৰু হজম শক্তি বৃদ্ধি কৰে।

★পিয়াঁজে এচিডিটি আৰু কোষ্ঠকাঠিন্যতাৰ সমস্যা নোহোৱা কৰে।

★পিয়াঁজৰ ব্যৱহাৰে চকুৰ দৃষ্টি শক্তি বৃদ্ধি কৰে ।

★দেহৰ হাঁড় আৰু দাঁতৰ বাবে পিয়াঁজত থকা উপাদান বোৰ বৰ উপকাৰী।

★শৰীৰত শৰ্কৰা নিয়ন্ত্ৰণত ৰাখে বাবে ডায়েবেটিচ ৰোগীৰ বাবে পিয়াঁজ মহৌষধি।

★এন্টিঅক্সিডেন্ট, চালফাৰ আৰু খনিজ পদাৰ্থ বোৰেৰে ভৰা পিয়াঁজে মানুহৰ মস্তিষ্কৰ কৰ্মক্ষমতা আৰু স্মৰণ শক্তি বৃদ্ধি কৰে।

Exit mobile version