কৰিণাৰ পিতৃ ৰণধীৰ কাপুৰে প্ৰকাশ কৰিলে কৰিণাৰ দ্বিতীয় সন্তান জন্ম হোৱাৰ তাৰিখ

Kareena Kapoor Khan Saif Ali Khan Taimur Ali Khan

কৰিণাৰ পিতৃ ৰণধীৰ কাপুৰে জনালে কৰিণাৰ দ্বিতীয় সন্তান অহাৰ তাৰিখ  । ইয়াৰ পূৰ্বে চেইফ আলি খানে জনাইছিল যে ফেব্ৰুৱাৰীৰ আৰম্ভণিতে দ্বিতীয়বাৰৰ বাবে মাতৃ হ’ব অভিনেত্ৰী কৰিণা কাপুৰ খান ।

এইবাৰ পুনৰ নিৰ্দিষ্ট দিনটোৰ কথা জনালে ৰণধীৰ কাপুৰে । কৰিনাৰ দ্বিতীয় সন্তান  ১৫ ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰিব বুলি কৰিণাৰ চিকিৎসকে জানিবলৈ দিয়ে।

এফালে পৰিয়ালৰ এজন নতুন সদস্যৰ আগমন, আনফালে পৰিয়ালৰ আন এজন সদস্যই পৃথিৱী এৰি গৈছে । মঙলবাৰে হৃদ ৰোগত আক্রান্ত হৈ ৰণধীৰ কাপুৰ আৰু ঋষি কাপুৰৰ সৰু ভাতৃ ৰাজীৱ কাপুৰৰ মৃত্যু হয়।   এই সকলোবোৰৰ মাজত তাইমুৰৰ সৰু ভায়েক বা ভনীয়েকৰ বাবে প্ৰস্তুতি সম্পূৰ্ণৰূপে চলি আছে ।

পূৰ্বৰ এক সাক্ষাৎকাৰত কৰিণাই কৈছিল যে তাইমুৰৰ সময়ত তেওঁ যি দুশ্চিন্তা অনুভৱ কৰিছিল এইবাৰ সেই চিন্তা তেওঁ কৰা নাই । বহুত শান্ত । অভিনেত্ৰীগৰাকীয়ে আনকি অতি শীঘ্ৰে প্ৰেগনেন্সি মেনুৱেল মুকলি কৰিব ।

Exit mobile version